NORTHEAST NOW (Assamese)

ৰাজ্যৰ নিবনুৱাক বঞ্চিত কৰি ৰে’লৱেৰ চতুৰ্থ বৰ্গৰ পদত বাহিৰৰ শ শ প্ৰাৰ্থীক নিযুক্তিৰ অভিযোগ

October 16, 2019 8:22 am · এন ই নাও নিউজ
Updated: October 16, 2019 8:28 am
লামডিঙত যোৱা ১৫ অক্টোবৰত যোগদান কৰিবলৈ অহা বহিৰাগত প্ৰাৰ্থীৰ ভিৰ। ফটোৰ উৎস : ছ'চিয়েল মিডিয়া।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই পুনৰ অসম তথা উত্তৰ-পূবৰ নিবনুৱা যুৱক-যুৱতীক প্ৰতাৰণা কৰি লামডিংস্থিত মাণ্ডলিক কাৰ্য্যালয়ৰ অধীনৰ বিভিন্ন স্থানত নিম্নবৰ্গৰ ভালেমান পদত বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ অভিযোগ উঠিছে।

খবৰ মতে, অসমৰ বিভিন্ন স্থানত খালী হৈ থকা গ্ৰেড ডিৰ ৮৯৯টা পদত উত্তৰ-পূব সীমান্ত ৰে’লৱেই উত্তৰ প্ৰদেশ, ৰাজস্থান, হাৰিয়ানা, বিহাৰকে ধৰি বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ কথাটো শেহতীয়াকৈহে পোহৰলৈ আহিছে। বহিঃৰাজ্যৰ এই সকল যুৱক-যুৱতীক ২৫ ছেপ্টেম্বৰতেই নিযুক্তি পত্ৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ লামডিং মাণ্ডলিক কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে।

এই বাতৰি প্ৰকাশ হৈছে দৈনিক জনমভূমিকে ধৰি একাধিক সংবাদ পত্ৰত।

অৱশ্যে ঘটনাটোক লৈ এতিয়ালৈকে কোনো জাতীয়তাবাদী দল-সংগঠনক সৰৱ হোৱা দেখা নাই।

কিন্তু যদি ঘটনাটো সঁচা হয়, জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰখনৰ দিনত ৰাজ্যৰ নিবনুৱাসকলৰ প্ৰতি হোৱা এইটো আটাইতকৈ ডাঙৰ প্ৰতাৰণা হিচাপে পৰিগণিত হ’ব।

প্ৰায় এবছৰ আগলৈকে নগাৱঁৰ সাংসদ ৰাজেন গোহাঁই ৰে’ল ৰাজ্যিক মন্ত্ৰী হৈ থাকোতেও ৰাজ্যৰ নিবনুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱক-যুৱতীক উত্তৰ-পূব সংমণ্ডলৰ বিভিন্ন পদত নিযুক্তি দিছিল। আনকি মন্ত্ৰী ৰাজেন গোহাঁয়ে অসমৰ যুৱক-যুৱতীৰ যোগ্যতা নাই বুলিও মন্তব্য কৰিছিল।

Related News