নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বন্ধৰ দাবীত শদিয়াত শতাধিক মহিলাৰ প্ৰতিবাদী সমদল

তিনিচুকীয়া জিলাৰ অৰুণাচলৰ সীমামূৰীয়া শদিয়াত, দিনে দিনে অবৈধ সুৰাৰ লগতে কানি, ভাং আৰু মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ যুৱ প্ৰজন্মৰ একাংশ এতিয়া ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে।

অঞ্চলটোত চুলাই মদৰ ৰমৰমিয়া ব্যৱসায় চলি আছে যদিও আবকাৰী বিভাগে মাথোঁঁ দুই এবাৰ অভিযান চলাই নিজৰ দায়িত্ব সামৰে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।

দেওবাৰে শদিয়াৰ ট্ৰিবেণী মণ্ডল পৰ্যায়ৰ সংগঠন তথা ন-শদিয়া পঞ্চায়ত, ৰাজগড় পঞ্চায়ত আৰু কুণ্ডিল পঞ্চায়তৰ আত্মসহায়ক গোটৰ প্ৰায় ডেৰ শতাধিক মহিলাই ড্ৰাগছ, মাদক দ্ৰব্যৰ প্ৰচলন বন্দ কৰাৰ দাবীত ঘুৰমৰা ৰাজহুৱা খেলপথাৰৰ পৰা প্ৰতিবাদী সমদল, সজাগতা সভা আৰু অটো’ ৰিক্সা ৰেলী উলিয়ায়।

অহা ৩০ অক্টোবৰৰ ভিতৰত যদি শদিয়া মহকুমা প্ৰশাসনে অবাধ হাৰত প্ৰচলিত হৈ থকা নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বন্ধ নকৰে তেনেহলে শদিয়াৰ সকলো মহিলাই নিজে আইনী ব্যৱস্থা হাতত লোৱাৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে।