NORTHEAST NOW (Assamese)

বেজী ব্যৱহাৰ নকৰাকৈ তেজ পৰীক্ষা কৰি দিব এআই! নতুন প্ৰযুক্তি হায়দৰাবাদৰ চিকিৎসালয়ৰ

May 23, 2025 7:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 22, 2025 8:35 pm

প্ৰযুক্তিৰ ব্যৱহাৰে চিকিৎসা বিজ্ঞানত বিৱৰ্তন আনিছে। স্বাস্থ্য পৰীক্ষাৰ পৰা আৰম্ভ কৰি অস্ত্ৰোপচাৰলৈকে সকলোতে প্ৰযুক্তি অতি প্ৰয়োজনীয়। হায়দৰাবাদৰ নিলুফাৰ হাস্পতালে জনস্বাস্থ্যৰ স্বাৰ্থত আন এক সম্ভাৱ্য পৰিৱৰ্তন আনিবলৈ ওলাইছে।

এই চিকিৎসালয়খনে ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা (AI) ভিত্তিক নিদান সঁজুলি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে, যিটো সঁজুলিয়ে এমিনিটতকৈও কম সময়ত দেহত বেজী নুফুটোৱাকৈ তেজৰ পৰীক্ষা কৰিবলৈ সক্ষম।

কুইক ভিটালছ নামৰ এটা ষ্টাৰ্টআপ কোম্পানীয়ে প্ৰস্তুত কৰিছে ‘অমৃত স্বাস্থ্য ভাৰত’ নামৰ এই এপটো। এই এপটোৱে অত্যাধুনিক ফেচিয়েল স্কেনিং প্ৰযুক্তি ব্যৱহাৰ কৰি ২০ৰ পৰা ৬০ ছেকেণ্ডৰ ভিতৰত তেজৰ পৰীক্ষাৰ ফলাফল দিব পাৰিব।

গতানুগতিক তেজৰ পৰীক্ষাৰ দৰে বেজী ফুটাই তেজ সংগ্ৰহ কৰাৰ পৰিৱৰ্তে অমৃত স্বাস্থ্য ভাৰতে ফটোপ্লেথিছম’গ্ৰাফী (PPG) ব্যৱহাৰ কৰে। এই প্ৰযুক্তিয়ে ছালৰ মাজেৰে পোহৰ শোষণৰ পৰিৱৰ্তন ধৰা পেলাই স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ মূল্যায়ন কৰে। ইয়াৰ ভিতৰত আছে ৰক্তচাপ, তেজৰ অক্সিজেনৰ মাত্ৰা, হৃদস্পন্দন, হিম’গ্লবিন ইত্যাদি। এই পৰীক্ষাসমূহ স্মাৰ্টফোন বা টেবলেট ব্যৱহাৰ কৰি কৰিব পাৰি।

কুইক ভিটালছৰ প্ৰতিষ্ঠাপক হৰিশ বিছামে কয় যে স্বাস্থ্য পৰীক্ষা কৰাটো এতিয়া মোবাইল ফোনত চেলফি লোৱাৰ দৰেই সহজ। তেওঁ কয়, “আমাৰ মোবাইল ফেচ স্কেনিং ব্যৱস্থাই আমাক এক মিনিটতকৈও কম সময়ৰ ভিতৰতে অত্যাৱশ্যকীয় স্বাস্থ্যৰ তথ্য প্ৰদান কৰে। আমি বিশ্বাস কৰোঁ যে ই স্বাস্থ্যসেৱা সেৱাৰ বাবে বিশেষকৈ সুবিধা বঞ্চিত সম্প্ৰদায়ৰ বাবে বহু সুবিধা কঢ়িয়াই আনিব।”

নিলুফাৰ চিকিৎসালয়ৰ অধীক্ষক ৰবি কুমাৰে কয়, “এই পদক্ষেপে এক বৃহৎ অংশৰ লোকে সময়মতে স্বাস্থ্য পৰীক্ষা কৰা সম্ভৱ কৰি তুলিব। অমৃত স্বাস্থ্য ভাৰত দ্ৰুত, নিৰাপদ আৰু শিশু তথা মহিলাৰ বাবে উপকাৰী।”

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ সদস্য ডাঃ সন্তোষ ক্ৰালেটেও কয় যে প্ৰযুক্তিৰ বাবে মহিলা আৰু শিশুৰ ক্ষেত্ৰত ৰক্তহীনতা আৰু অন্যান্য ৰোগ প্ৰায়ে ধৰা নপৰে। এই প্ৰযুক্তিৰ সহায়ত দ্ৰুতভাৱে নিৰ্ণয় কৰিব পৰা যাব পাৰে।

Related News