• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিবাহৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ! অসমত নিয়োজিত বায়ুসেনাৰ বিষয়াক আত্মসমৰ্পণৰ নিৰ্দেশ আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2024 3:21 pm
IAF Assam
5.9k
VIEWS
Share on FacebookShare on Twitter

বিবাহৰ প্ৰতিশ্ৰুতিৰে এগৰাকী মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি পিছত প্ৰতাৰণা কৰাৰ অভিযোগত আইনী ৰোষত পৰিছে অসমত নিয়োজিত ভাৰতীয় বায়ুসেনাৰ এগৰাকী বিষয়া।

বম্বে উচ্চ ন্যায়ালয়ে অভিযুক্ত এই বিষয়াগৰাকীৰ জামিনৰ আবেদন খাৰিজ কৰি আত্মসমৰ্পণৰ নিৰ্দেশ দিছে। প্ৰকাশিত খবৰ অনুসৰি, বিবাহৰ বাবে সংগী বাচনিৰ এক অনলাইন প্লেটফৰ্মত দুয়ো চিনাকি হৈছিল।

বিগত ২০২২ চনৰ জুলাই মাহত মুম্বাইৰ নাগপাডা আৰক্ষী থানাত বিষয়াগৰাকীৰ বিৰুদ্ধে বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি মহিলাগৰাকীয়ে এফআইআৰ দাখিল কৰে।

মহিলাগৰাকীয়ে উল্লেখ কৰা মতে, অনলাইন প্লেটফৰ্মত চিনাকি হোৱাৰ পিছত দুয়ো গোৱাকে ধৰি বিভিন্ন স্থানলৈ একেলগে যাত্ৰা কৰিছিল আৰু বিয়াৰ প্ৰতিশ্ৰুতি দি বিষয়াজনে তেওঁক শাৰীৰিক সম্পৰ্কৰ বাবে প্ৰৰোচিত কৰিছিল।

কিন্তু শাৰীৰিক সম্পৰ্কৰ পৰিণতিত তেওঁ গৰ্ভৱতী হোৱাৰ পিছত বিষয়াজনে তেওঁক এৰাই চলিবলৈ আৰম্ভ কৰিছিল বুলি অভিযোগ তোলে মহিলাগৰাকীয়ে। তাৰ মাজতে বিষয়াকজনে আন এগৰাকী মহিলাৰ সৈতে বিবাহৰ আয়োজন কৰে।

মহিলাগৰাকীয়ে অভিযোগ কৰা মতে তেজপুৰত আই এ এফৰ অটোম’বাইল টেকনিচিয়ান হিচাপে নিয়োজিত হৈ থকা বিষয়াজনক সাক্ষাৎ কৰিবলৈ অহাৰ সময়তে তেওঁৰ অজ্ঞাতে বিবাহৰ বাবে ছুটীত থকা বুলি জানিব পাৰে।

ইয়াৰ পিছতে মহিলাগৰাকীয়ে পৰিয়ালৰ সৈতে যোগাযোগ কৰাত ২০২২ চনৰ মাৰ্চ-এপ্ৰিল মাহতে তেওঁৰ এই বিবাহ ঠিক হোৱা বুলি বিষয়াজনৰ ভগ্নীৰ পৰা জানিব পাৰে। এনে পৰিস্থিতিত মহিলাগৰাকীয়ে দাখিল কৰে গোচৰ।

মহিলাগৰাকীক প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীয়ে যুক্তি দৰ্শাই যে অভিযুক্তই তেওঁক বিয়া কৰাব বুলি বিশ্বাস দিয়াৰ বাবে মহিলাগৰাকীয়ে শাৰীৰিক সম্পৰ্কত সন্মতি দিছিল। আনহাতে বিপক্ষৰ অধিবক্তাই সহমতৰ ভিত্তিত দৈহিক সম্পৰ্ক হোৱা বুলি দাবী কৰে।

দুয়োপক্ষৰ যুক্তি বিচাৰৰ অন্তত আদালতে অভিযুক্ত বিষয়াজনৰ জামিন আবেদন খাৰিজ কৰে। বিচাৰপীঠে কয় যে মহিলাগৰাকীৰ সৈতে সম্পৰ্কৰ পিছতো বিষয়াজনে বিবাহ ঠিক কৰিছিল আৰু এই বিষয়ে মহিলাগৰাকীক জনোৱা হোৱা নাছিল।

ইয়াৰ আধাৰতে বম্বে উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত বিষয়াজনৰ জামিন আবেদন খাৰিজ কৰি অহা ২ ফেব্ৰুৱাৰীৰ ভিতৰত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd