লাডাখ সীমান্তত উৰিল চীনৰ সেনাৰ হেলিকপ্টাৰ; ভাৰতেও উৰুৱালে যুদ্ধ বিমান

china-WZ-10-attack-helicopter

প্ৰতিনিধিত্বমূলক ফটো

লাডাখ সীমান্তৰ ওচৰত চীনে তৎপৰতা প্ৰদৰ্শন কৰাৰ চেষ্টা দেখা গৈছে। মঙলবাৰে সীমান্তত চীনৰ সেনাৰ হেলিকপ্টাৰ উৰা দেখাৰ পাছত ভাৰতীয় সেনাও সতৰ্ক হৈ পৰিছে।

সীমান্তত চীনৰ সেনাৰ হেলিকপ্টাৰ দেখা পাছত আকাশ মাৰ্গত ভাৰতীয় যুদ্ধ বিমানৰ উৰণো দেখা গ’ল।

উল্লেখ্য যে যোৱা সপ্তাহতো ভাৰতীয় জোৱান আৰু চীনা জোৱানৰ মাজত সংৰ্ঘৰ সূত্ৰপাত হৈছিল।

পূব লাডাখ আৰু উত্তৰ ছিকিমৰ নাকু লাৰ ওচৰত ভাৰত আৰু চীনৰ সেনা জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুইপক্ষৰ কেইবাজনো জোৱান আহত হৈছিল।

বাতৰি অনুসৰি, ভাৰতীয় আৰু চীনৰ সেনা জোৱানৰ মাজত প্ৰথম সংৰ্ঘষৰ সূত্ৰপাত হৈছিল যোৱা পাঁচ মে’ৰ সন্ধিয়াৰ ভাগত।

পূব লাডাখৰ পেংগোংগ জিলাৰ উত্তৰ দিশত হোৱা দুই পক্ষৰ সেনাৰ মাজৰ সেই উত্তেজনা পাছদিনা পুৱা আলোচনাৰ জৰিয়তে শাম কাটিছিল।

বাতৰি অনুসৰি দুই পক্ষৰ কেইবাজনো সেনা জোৱান সামান্য পৰিমানে আহত হৈছিল আৰু এই ঘটনাত দুয়োটা পক্ষৰে প্ৰায় ২০০ জোৱান জড়িত আছিল।

ভাৰত আৰু চীনৰ সেনাৰ মাজত সীমান্ত এনে সংঘৰ্ষক লৈ চীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে সীমান্তত তেওঁলোকৰ সেনাই শান্তি আৰু সংষম লক্ষা কৰি চলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

ইপিনে, মঙলবাৰে লাডাখ সীমান্ত পুনৰ চীনৰ হেলিকপ্টাৰ উৰণক লৈ উত্তেজনাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

কৰ’না ভাইৰাছ মহামাৰীয়ে বিশ্বক আতংকিত কৰি ৰখাৰ সময়তে চীনৰ আক্ৰমাণাত্মক ৰূপে স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।