NORTHEAST NOW (Assamese)

কাইলৈৰ পৰা ক্ৰিকেট বিশ্বকাপ : ভাৰতৰ সৈতে ক্ৰিকেটে অনা বন্ধনক লৈ অতুৎসাহী ব্ৰিটেইন, গুৱাহাটীত জনালে ব্ৰিটিছ উপ ৰাষ্ট্ৰদূতে

May 29, 2019 12:17 pm · অনুপ শৰ্মা
Updated: May 29, 2019 12:18 pm
ইন্টাৰনেটৰ পৰা সংগৃহীত

দ্বাদশ ক্ৰিকেট বিশ্বকাপলৈ মাজত মাথো এটা দিন। এদিনীয়া ক্ৰিকেটৰ সৰ্বোচ্চ সন্মানীয় ট্ৰফি অৰ্জনৰ বাবে ৩০ মে’ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা দহখন দেশে যুঁজিব ইংৰাজৰ ভূমিত। ৰোমাঞ্চকৰ খেলসমূহ উপভোগ কৰিবলৈ ক্ৰিকেটপ্ৰেমীসকল অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ সময়তে মঙলবাৰে কটন বিশ্ববিদ্যালয়ৰ একাংশ ক্ৰিকেটপ্ৰেমী ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে ব্ৰিটিছ উপ ৰাষ্ট্ৰদূত ব্ৰুছ বাকনেলে।

কটন কলেজৰ কফি হাউচত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত ৰাষ্ট্ৰদূত গৰাকীয়ে ক্ৰিকেট প্ৰেমীসকলক কয় যে ব্ৰিটেইনে দুই দেশৰ মাজত ক্ৰিকেটে অনা বন্ধনৰ বাবে অতি উৎসাহেৰে বাট চাই আছে।

বিশ্বকাপ সন্দৰ্ভত অতি উৎসাহেৰে তেওঁ কয় যে ৫০ হাজাৰৰ পৰা ৮০ হাজাৰ ভাৰতীয় পৰ্যটকে বিশ্বকাপৰ খেল উপভোগ কৰিবলৈ যাব বুলি দেশে ধাৰণা কৰিছে।

‘পৰ্যটকৰ উপৰি ব্ৰিটেইনত প্ৰায় ১.৫ মিলিয়ন ভাৰতীয় মূলৰ লোকে বসবাস কৰে আৰু ক্ৰিকেটে এই লোকসকলক একত্ৰিত কৰিব’। এইদৰে কয় উপ ৰাষ্ট্ৰদূত গৰাকীয়ে।

ইফালে উত্তৰ-পূব ভাৰতৰ প্ৰতিভা সম্পন্ন ক্ৰিকেটাৰ সকলক লৈ ব্ৰিটিছ চৰকাৰে কিবা পৰিকল্পনা কৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত বাকনেলে এই ক্ষেত্ৰত ব্ৰিটিছ ক্ৰিকেট সংস্থাসমূহে ভাৰতৰ বিভিন্ন ক্ৰিকেট ফেডাৰেশ্যনৰ লগত কথা-বতৰা চলি থকা বুলি জনায়।

আনহাতে বাকনেলে আই এছ এলত উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰা নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি দলক প্ৰশংসা কৰাও দেখা যায়।

উল্লেখ্য যে বিশ্বকাপৰ প্ৰথমখন খেল কাইলৈ লণ্ডনৰ দা অভেলত ঘৰুৱা দল ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব। আনহাতে ভাৰতে ক্ৰিকেট বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব অহা ৫ জুনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে।

Related News