অসমত লকডাউন নহয় বুলি হিমন্ত বিশ্ব শৰ্মাই দোহাৰি থকাৰ মাজতে এয়া কি ক’লে মুখ্যমন্ত্ৰী সোণোৱালে?

a hii

ফাইল ফটো

দেশত এতিয়া ক২ৰ’নাৰ মহাসংহাৰ চলিছে।

ৰাজ্যই ৰাজ্যই আংশিক অথবা সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।এনে পৰিস্থিতিত অসমতো লকডাউন হ’ব নেকি তাকেলৈ ৰাজ্যবাসীৰ মনত নানান প্ৰশ্নৰ উদ্ৰেক ঘটিছে।ৰাজ্যবাসীৰ মনত উদ্ৰেক ঘটা প্ৰশ্নৰ উত্তৰ পোৱা গ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষ্যৰ পৰা।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱলে আজি ৰাজ্যৰ কোভিড পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত কৰে এখন বিশেষ  পৰ্যালোচনামূলক বৈঠক। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আদিকে ধৰি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থকা বৈঠক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্যত যদি কোভিড ৰোগীৰ সংখ্যা বাঢ়িয়েই থাকে তেন্তে লকডাউন দিবলগীয়া হ’ব।

ইপিনে মুখ্যমন্ত্ৰীৰ এনে ভাষ্যৰ বিপৰীতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্য চৰকাৰে এতিয়াও লকডাউনৰ পৰিকল্পনা কৰা নাই।

লকডাউন দিবলগীয়াকৈ ৰাজ্যৰ কোভিড পৰিস্থিতি এতিয়াও সিমান বেয়ালৈ যোৱা নাই বুলি স্বাস্থ্য মন্ত্ৰী শৰ্মাই মন্তব্য স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে যোৱাবাৰৰ লকডাউন স্বাস্থ্য সম্পৰ্কীয় আন্তঃগাঁথনিৰ উন্নয়নৰ স্বাৰ্থতহে দিয়া হৈছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে সকলোকে স্বাস্থ্য বিভাগে বান্ধি দিয়া কোভিড প্ৰ’টোকল মানি চলিবলৈ আহ্বান জনায়। উল্লেখ্য অসমৰ কোভিড পৰিস্থিতি ক্ৰমাৎ জটিল হৈ গৈ আছে।

শেহতীয়াকৈ দেওবাৰে অসমত কোভিডত মৃত্যু ঘটি ৬ জনকৈ লোকৰ।

কামৰূপ মেট্ৰ’,কাচাৰ, ধেমাজি, বৰপেটা, তিনিচুকীয়া আৰু মৰিগাঁওত এজনকৈ লোকৰ কোভিডত মৃত্যু ঘটিছে।

ৰাজ্যত এতিয়া কোভিড পজিটিভিটিৰ হাৰ হৈছে ২.৭৪ শতাংশ। এনে পৰিস্থিতিত ৰাজ্যত যিকোনো মুহূৰ্ততে লকডাউন ঘোষণা হ’ব পাৰে বুলি বহুতে ধাৰণা কৰিছে।