IGNOU-এ মুকলি কৰিলে তিনিটা নতুন বিষয়ত অনলাইন পাঠ্যক্ৰম

ignou

জনতাৰ বিশ্ববিদ্যালয় খ্যাত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে ২০২০ বছৰটোৰ জানুৱাৰি মাহৰ পৰা তিনিটাকৈ নতুন বিষয়ত অনলাইন পাঠ্যক্ৰম আগ বঢ়াবলৈ সিদ্ধান্ত কৰিছে।

এই পাঠ্যক্ৰম চাৰ্টিফিকেইট ক’ৰ্ছ হিচাপে আগ বঢ়োৱা হ’ব আৰু নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণক অৰ্হতা হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

আৰবী, ৰুছ ভাষা আৰু পৰ্য্যটন- এই তিনিটা বিষয়ক নতুনকৈ সংযোজন ঘটোৱা বুলি মুক্ত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই ইয়াৰ ৱেবছাইটত জনাইছে। পাঠ্যক্ৰমটোৰ বাবে নিৰ্ধাৰিত সময় নিম্নতম ছমাহৰ পৰা সৰ্বাধিক এবছৰ।

অসম তথা উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশ্ববিদ্যালয়খনৰ এই পদক্ষেপে নতুন সুযোগৰ সৃষ্টি কৰিব পাৰে। কাৰণ পৰ্য্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই অঞ্চলটোত পৰ্য্যটন এটা ভাল উদ্যোগ আৰু পাঠ্যক্ৰমটোৱে যুৱক-যুৱতীৰ বাবে নিয়োগ বা আত্মনিয়োগৰ সুযোগ সৃষ্টি কৰিব।

“শেহতীয়া সময়ছোৱাত পৰ্য্যটন বৃহৎ সংখ্যক লোকক নিয়োগ দিয়া এটা উদ্যোগত পৰিণত হৈছে। পৰ্য্যটনে উদ্যোমী লোকৰ বাবে সৰু বা ডাঙৰ পৰিসৰত প্ৰচুৰ সুযোগ কঢ়িয়াই আনিছে। কিন্তু পৰ্য্যটন শৈক্ষিক বিষয় হিচাপে বৰ ভালকৈ বিকশিত হৈ উঠা নাই। অধ্যয়নৰ সুযোগো সীমিত। এই ক্ষেত্ৰখনত কাম কৰি থকা বৃহৎ সংখ্যক শ্ৰমশক্তিৰ পৰ্য্যটন সম্পৰ্কে বিশেষ আনুষ্ঠানিক জ্ঞান নাই। এইবোৰ কথা চিন্তা কৰিয়ে এই পাঠ্যক্ৰমটো বিকাশ কৰি উলিওৱা হৈছে”, বিশ্ববিদ্যালয়খনৰ ৱেবছাইটৰ বিবৃতিত কোৱা হয়।

পৰ্য্যটনৰ পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীসকলে পৰৱৰ্তী সময়ত নিয়োগ বা স্বনিয়োগৰ সুবিধা লোৱাৰ উপৰি এই পাঠ্যক্ৰমত স্নাতক, স্নাতকোত্তৰ বা পি এইচ্ছ ডি পাঠ্যক্ৰম কৰিব পাৰিব বুলি কোৱা হৈছে।