টীয়কৰ পৰিত্যক্ত মাংসৰ দোকানত সজীৱ গুলীসহ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ : অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

IMG-20201226-WA0009

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত বাদুলীপুখুৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এটা পৰিত্যক্ত ব্ৰইলাৰ মাংসৰ কাউণ্টাৰত উদ্ধাৰ হৈছে সজীৱ গুলীসহ অৱৈধ মাৰণাস্ত্ৰ।

টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চতীশ চাহুৰ পৰা জানিব পৰা মতে যোৱা নিশা বাদুলীপুখুৰীৰ এটা অব্যৱহৃত ব্ৰইলাৰ কাউণ্টাৰত স্থানীয় এগৰাকী মহিলাই প্ৰথমেই মাৰণাস্ত্ৰ প্ৰতক্ষ কৰি তেওঁৰ পুত্ৰক অৱগত কৰেl

মহিলা গৰাকীৰ পুত্ৰই ততালিকে খবৰ দিয়ে টীয়ক আৰক্ষীক।

ইতিমধ্যে আৰক্ষীয়ে 7.65 এম এম এটা পিষ্টলৰ লগতে ৫ টাকৈ সজীৱ গুলীসহ কাৰ্টিজ উদ্ধাৰ কৰিছে।

ঘটনা সন্দৰ্ভত টীয়ক আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে।

কিন্তু কোনে, কি পৰস্থিতিত পৰি এনেদৰে জনবহুল অঞ্চলৰ পৰিত্যক্ত দোকানত এই মাৰণাস্ত্ৰ এৰি থৈ গ’ল সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।