বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তথা কোকিলাৰ নিকটৱৰ্তী হালধীয়া গাঁৱত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অবৈধ তীৰ খেল ৰ পয়োভৰ। অবৈধ খেলবিধে অঞ্চলটোত এক অৰাজক পৰিৱেশৰ সৃষ্টি কৰিছে আৰু সেয়ে এই খেলবিধ বন্ধ কৰাৰ বিৰুদ্ধে স্থানীয় এজন যুৱকে কলগাছিয়া থানাত এখন এজাহাৰ দাখিল কৰে।
জানিব পৰা মতে বিগত কেইবা মাহ ধৰি আব্দুল কুদ্দুচ নামৰ এজন দুষ্ট চক্ৰৰ ব্যক্তিয়ে অঞ্চলটোত অবৈধ তীৰ খেলৰ টিকট বিক্ৰী কৰি আহিছে। সচেতন লোকে বাধা দিলে নানা ধৰনৰ অশ্লীল গালি গালাজ কৰাৰ লগতে মাৰপিট কৰাৰো ভাবুকি দিয়ে বুলি ভয়ংকৰ সত্য পোহৰলৈ আহিছে।
বিভিন্ন ঠাইৰ পৰা দুষ্ট প্ৰকৃতিৰ লোক আহি দিনত হাজাৰ হাজাৰ টকাৰ নম্বৰ ক্ৰয় কৰে। নম্বৰ বিক্ৰী আৰু তীৰৰ ফলাফলৰ কথা বহুতৰ মোবাইলত বন্দী হৈছে যদিও কলগাছিয়াৰ আৰক্ষীয়ে আজিলৈ কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই।
সেয়ে উপায় বিহীন হৈ স্থানীয় এজন লোকে মঙলবাৰে কলগাছিয়া আৰক্ষী থানাত অবৈধ তীৰৰ ৰমৰমীয়া বেহা চলাই অহা কুদ্দুচৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এতিয়া আৰক্ষীয়ে এই সম্পৰ্কত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব।