বঙাইগাঁও জিলাৰ মাত্ৰাঘোলাত অবৈধ কাঠফলা কল উৎখাত

sh

বঙাইগাঁও আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত সহকাৰী বন সংৰক্ষকৰ লগতে বঙাইগাঁওস্থিত বিশেষ বন সুৰক্ষা বাহিনীয়ে এক গোপন সূত্ৰৰ পম খেদি এক অভিযান চলায় ৷

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত মাত্ৰাঘোলাত চলোৱা এই অভিযানত বন বিভাগে এটা অবৈধ কাঠফলা কল উৎখাত কৰে৷ লগতে কিছু সংখ্যক অবৈধ কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

পিছত জব্দকৃত অবৈধ কাঠ আৰু কাঠফলা কলটো অভয়াপুৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ আনে ৷

বন বিভাগে ইতিমধ্যে অবৈধ কাঠফলা কলৰ গৰাকী তথা চোৰাং কাঠৰ ব্যৱসায়ীজনক কৰায়ত্ত কৰাৰ বাবে তদন্ত আৰম্ভ কৰিছে।