ৰঙা তেজৰ ক’লা বেহা: বৰপেটা মেডিকেল কলেজ হাস্পাতলত কৰ্মচাৰীৰ সহযোগত তেজৰ ব্যৱসায়

অবাধে তেজ বিক্ৰীৰ ফলত বৰপেটাৰ এজন যুৱকৰ মৃত্যু

index

তেজৰ দালালীত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চিন্ময় দাস নামৰ যুৱকজন। ফটো: নৰ্থইষ্ট নাও

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চলিছে ৰঙা তেজৰ ক’লা বেহা ৷

চিকিৎসা মহাবিদ্যালয়খনৰ ব্লাড বেংকৰ কৰ্মচাৰী চফিউল হুছেইনৰ নেতৃত্বত তেজৰ এই ব্যৱসায় চলি থকা বুলি ৰাইজে অভিযোগ তুলিছে ৷

উল্লেখ্য যে, তেজৰ অবৈধ ব্যৱসায়ৰ বাবে দালালৰ জৰিয়তে টাৰ্গেট কৰি লোৱা হৈছে বৰপেটা চহৰৰ একাংশ কম বয়সীয়া যুৱক আৰু অভাৱী পৰিয়ালৰ লোকক ৷

শেহতীয়াভাৱে তেজ ব্যৱসায়ী চক্ৰৰ কবলত পৰি বৰপেটা চহৰৰ ঘোঁৰামাৰা হাটীৰ এজন যুৱকৰ মৃত্যু হোৱাৰ পাছতেই তেজ ব্যৱসায়ী চক্ৰটোৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ ৷

ৰাইজৰ অভিযোগ বৰপেটা চহৰৰ ঘোঁৰামাৰাহাটীৰ চিন্ময় দাস ওৰফে লেং নামৰ দালালজনে চহৰখনৰ যুৱকসকলক টাৰ্গেট কৰি চলাই আছে তেজৰ ব্যৱসায় ৷

ইপিনে ঘোঁৰামাৰাহাটীৰ সত্যজিৎ দাস নামৰ যুৱকজনৰ পৰা এমাহৰ ভিতৰতে কেবাবাৰো ৰক্ত সংগ্ৰহ কৰাৰ ফলত সত্যজিৎ দাস নামৰ যুৱকজনৰ অলপতে মৃত্যু হয় ৷

যুৱকজনৰ এনে কৰুণ মৃত্যুৰ ফলত দুটি কনমানি সন্তানৰ সৈতে এই দূৰ্ভগীয়া পৰিয়ালটোলৈ নামি আহিছে কাল অমানিশা ৷

যুৱকজনৰ পত্নীয়ে জনোৱা মতে এমাহৰ ভিতৰতে কেবাবাৰো তেজ দিয়াৰ ফলত শৰীৰত তেজৰ পৰিমাণ কমি গৈছিল ৷ তথাপি ব্লাড বেংকৰ কৰ্মচাৰীয়ে দালাল চিন্ময় দাসৰ জৰিয়তে যুৱকজনৰ পৰা প্ৰায়ে ৰক্ত সংগ্ৰহ কৰি থকাৰ ফলতে যুৱকজন অবশেষত মৃত্যুমুখত পৰে ৷

ইপিনে বৰপেটা চহৰৰ ঘোঁৰামাৰাহাটীৰ একাংশ কম বয়সীয়া যুৱকক টাৰ্গেট কৰি তেজৰ ব্যৱসায় চলাই আহিছিল চিন্ময় দাসে ৷

মুলত: তেজ ব্যৱসায়ী চক্ৰটোৰ দালাল চিন্ময় দাসে কোনো লোক বা গৰ্ভৱতী মহিলাক তেজৰ প্ৰয়োজন বুলি কৈ বৰপেটা মেডিকেল কলেজ হাস্পাতললৈ ফুচুলাই নিছিল কিছুমান কম বয়সীয়া যুৱকক ৷

সত্যজিৎ দাসৰ অকাল মৃত্যুৰ কৰুণ ঘটনাটোৰ পিছতে এটা এটা কৈ ওলাই আছে চিন্ময় দাস আৰু বৰপেটা মেডিকেল কলেজ হাস্পাতলৰ ব্লাড বেংকৰ কৰ্মচাৰীৰ বলি হোৱা যুৱকসকলৰ কাহিনী ৷

এই ঘটনাৰ পিচতে ক্ষুভিত ৰাইজে দালাল চিন্ময় দাসৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰিছে ৷

বৰপেটা মেডিকেল কলেজ হাস্পাতলৰ ব্লাড বেংকৰ কৰ্মচাৰী তেজৰ ব্যৱসায়ত জৰিতৰ গুৰুতৰ অভিযোগ উঠাৰ পিছতেই তদন্তৰ নিৰ্দেশ দিছে বৰপেটা মেডিকেল কলেজ হাস্পাতল কৰ্তৃপক্ষই ৷

বৰপেটা মেডিকেল কলেজ হাস্পাতলৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে জনোৱা মতে, এই অভিযোগ সন্দৰ্ভত ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু দোষী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা লোৱা হ’ব।

তেজৰ দালালীৰ লগত জড়িত চিন্ময় দাস নামৰ এজন যুৱকক ইতিমধ্যে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনুসন্ধান আৰম্ভ কৰিছে ৷