NORTHEAST NOW (Assamese)

বঙাইগাঁৱত সান্ধ্য আইনৰ মাজতে চলিছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

June 20, 2021 7:26 am · প্ৰণৱ কুমাৰ ডেকা

ক’ভিড পৰিস্থিতিৰ বাবে চলি থকা সান্ধ্য আইনৰ মাজতে বঙাইগাঁৱত একাংশই চলাই গৈছে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় ৷

এনে অবৈধ সুৰাৰ বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷

শুকুৰবাৰে নিশা বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক লুণা সোণোৱালৰ নেতৃত্বত আৰক্ষীৰ দলে বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁৱৰ টুনীয়াপাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰে ৷

ৱাইন শ্বপ আৰু বাৰৰ দৰে দোকান এখনৰ ভিতৰত অবৈধভাৱে সুৰা বিক্ৰীৰ লগতে খোৱা – বোৱাৰ ব্যৱস্থাৰে সুৰাৰ বেহা চলি থকাৰ খবৰ পাই আৰক্ষীৰ দলে অভিযান চলায় ৷

দোকানখনৰ ভিতৰত ফ্ৰীজ আদিও আছিল ৷ অভিযানকালত আৰক্ষীয়ে ৪১৭ বটল বিভিন্ন ব্ৰেণ্ডৰ সুৰা , ১২ টা বিয়েৰৰ লগতে দোকানখন চলাই থকা ৰাহুল কুমাৰ নামৰ ব্যক্তিজনক আটক কৰে ৷

ইপিনে শনিবাৰে আৰক্ষীয়ে জানিবলৈ দিয়া মতে ইতিমধ্যে সুৰাসহ আটক কৰা ৰাহুল কুমাৰক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷

সান্ধ্য আইনৰ মাজতে এইদৰে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাসকলৰ বিৰুদ্ধে আৰক্ষী অধিক কঠোৰ হোৱতো বিচাৰিছে সচেতন মহলে ৷

Related News