কৃষ্ণাই আৰক্ষীয়ে জব্দ কৰিলে অবৈধ ভাৱে সৰবৰাহ কৰা ১০টা গৰু, দুজনক গ্ৰেপ্তাৰ

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষীৰ বৃহৎ সফলতা ৷ কৃষ্ণাই আৰক্ষীয়ে খেদি খেদি জব্দ কৰিলে অবৈধ ভাৱে সৰবৰাহ কৰা ১০টা কৈ গৰু সহ দুখন টেম্পো । দুই চালককো গ্ৰেপ্তাৰ কৰা হৈছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৰনৈৰ ডাকাইদল পৰা অবৈধ ভাৱে টেম্প’ত গৰু কঢ়িয়াই মেঘালয়লৈ সৰবৰাহ কৰাৰ তথ্য লাভ কৰি আৰক্ষীয়ে পাইকানত অভিযান চলায় ৷

এই অভিযানৰ সময়তে দুখন টেম্প’ বাহন টিৰপাল বান্ধি তীব্ৰ বেগত গৈ থকা সময়তে আৰক্ষীয়ে বাহন দুখনক ৰখিবলৈ নিৰ্দেশ দিয়ে যদিও বাহন দুখন পলাবলৈ চেষ্টা কৰে ৷ পিছত আৰক্ষীয়ে টেম্পে’ বাহন দুখন খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ টিৰপাল বন্ধা টেম্পে’ বাহন দুখনৰ পৰা ১০টা কৈ অবৈধ গৰু সহ দুই সৰবৰাহকাৰী চালকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই গৰু সৰবৰাহকাৰী চালক ক্ৰমে আগিয়া থানাৰ অন্তৰ্গত টুকুৰাৰ মনোৱাৰ হুছেইন (২৪) আৰু ভিমাজুলিৰ চাহাদত আলী (২৭) ৷

জব্দকৃত টেম্পো দুখনৰ নম্বৰ As-18C-9883 আৰু As-18C-8499 ৷ উল্লেখ্য যে, ইতিমধ্যে কৃষ্ণাই আৰক্ষীয়ে গো মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই বিগত দুটা মাহত ৬০টা কৈ অবৈধ ভাৱে সৰবৰাহ কৰা গৰু জব্দ কৰিবলৈ সক্ষম হৈছে ৷ চৰকাৰ কিম্বা আৰক্ষী-প্ৰশাসনে গো ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও একাংশ গো ব্যৱসায়ীয়ে চৰকাৰৰ নীতি-নিৰ্দেশনাক কেৰেপ নকৰি সম্প্ৰতি ন ন কৌশলেৰে চলাই গৈছে পশুধনৰ অবৈধ বেহা ৷ আৰক্ষীও তীব্ৰতৰ ভাৱে চলাই গৈছে অবৈধ ভাৱে সৰবৰাহ কৰা গো মাফিয়াৰ বিৰুদ্ধে অভিযান ৷ কোনো কাৰণতে অবৈধ ভাৱে গৰু সৰবৰাহ কৰিবলৈ দিয়া নহ’ব বুলি ব্যক্ত কৰে আৰক্ষীয়ে ৷