বিজয়া দশমী : বৰপেটাত শান্তি শৃংখলাৰ মাজেৰে  দেৱী বিসৰ্জন সমাপন

20181019_200823

পাঁচদিনীয়া ব্যাপক উৎসাহ উদ্দীপনাৰ অন্তত আজি বিজয়া দশমীৰ দিনা বৰপেটাত শান্তি শৃংখলাৰে দেৱী দুৰ্গাৰ মৃন্ময় প্ৰতিমা বিসৰ্জন দিয়া হয়৷ দেৱী বিসৰ্জনৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী আৰু এন ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ জোৱানসকল আগতীয়াকৈ সষ্টম হৈ থাকে৷

বৰপেটা চহৰৰ চাউলখোৱা নৈত চহৰখনৰ লগতে দাঁতি-কাষৰীয়া অঞ্চলত অনুষ্ঠিত প্ৰায় ১৩ খন পূজা মণ্ডপৰ দেৱী প্ৰতিমাক বিসৰ্জন দিয়া হয়৷

দেৱী প্ৰতিমা বিসৰ্জন দিয়াৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ বাবে ভক্ত, দৰ্শনাৰ্থী আৰু ৰাইজৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয়৷

নৈত দেৱী প্ৰতিমা বিসৰ্জন দিয়াৰ সময়ত যাতে কোনো লোকৰ হানি-বিঘিনি হ’ব নোৱাৰে তাৰ বাবে নৈখনত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ জোৱান আগতীয়াকৈ সষ্টম হৈ থাকে৷

অশ্ৰুশিক্ত নয়নেৰে আৰু আগন্তক বৰ্ষত দেৱী দুৰ্গাক পুনৰ পূজা কৰাৰ মানসেৰে আজি দেৱী প্ৰতিমাক বিসৰ্জন দিয়া হয় ৷ জিলাখনৰ অইন প্ৰান্ততো শান্তি শৃংখলাৰে দেৱী দুৰ্গাৰ  বিসৰ্জন কাৰ্য সমাপন হয়৷ বৰপেটা জিলাত বিজয়া দশমীৰ দিনটোত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই৷