আপোনাৰ সঘনাই চৰ্দি লাগে নেকি? ক’ৰ’ণাতংকৰ সময়ত এয়া ভালৰ চিন!

cover-6

আপোনাৰ প্ৰায়ে চৰ্দি লাগে নেকি? বিদেশৰ বহু গৱেষকৰ মতে আজিৰ পৰিস্থিতিত এয়া ভালৰ চিন।

আমাৰ মাজত হঠাতে চৰ্দি লগা বহু লোক আছে।

এলাৰ্জী জনিত অথবা আন কোনো কাৰণত বহুতৰে প্ৰায়ে চৰ্দি লাগি থাকিব পাৰে।

চৰ্দি মানেই ক’ৰ’ণাত আক্ৰান্ত হ’লো নেকি জাতীয় নেতিবাচক চিন্তাই আমাক প্ৰায়ে বিচলিত কৰে । কিন্তু শেহতীয়া গৱেষণাই এই কথা প্ৰমাণ কৰিছে যে সঘনাই চৰ্দি লগা লোক সকলৰ ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰাৰ শক্তি আন বহুতত কৈ বেছি।

নেডাৰলেণ্ড,জাৰ্মানী,আমেৰিকা আদি দেশৰ স্বাস্থ্য বিজ্ঞানীয়ে এই সত্যত উপনীত হৈছে যে চৰ্দিত ভোগা লোক সকলৰ দেহত যি টি-চেলৰ সৃষ্টি হয় সেই টি-চেলে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত সহায় কৰে।

চৰ্দি লাগিলে আমাৰ দেহত টি-চেলৰ সংখ্যা বাঢ়ি যায়।

এই টি-চেলেই ক’ৰ’ণাৰ বিৰুদ্ধে ঢাল হিচাবে কাম কৰিব পাৰে।

কেলিফ’ৰ্নিয়াৰ লাজোলা ইনষ্টিটিউট ফৰ ইমিউন’ল’জি ইউনিভাৰ্চিটি, নৰ্থ কেৰ’লিনা স্কুল অৱ মেডিচিন আৰু অষ্ট্ৰেলিয়াৰ মাৰ্ডক ইউনিভাৰ্চিটিৰ গৱেষক সকলে এই কথাৰ প্ৰমাণ পাইছে যে চৰ্দি লাগিলে যি টি-চেলৰ সৃষ্টি হয় সেই টি-চেলৰ সৈতে ক’ৰ’ণা ভাইৰাছৰ কমেও ৪৮৪ টা পেপটাইডৰ বিক্ৰিয়া ঘটে আৰু ইয়াৰ ফলত ক’ৰ’ণা ভাইৰাছৰ শক্তি হ্ৰাস পায়।

ক’ৰ’ণা ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত এই সূত্ৰ ব্যৱহাৰ কৰিব পৰা যাব বুলি গৱেষক সকলে কৈছে।

তেওঁলোকৰ মতে কোভিড সৃষ্টিকাৰী ছাৰছ কভ ২ ভাইৰাছ চৰ্দিৰ ভাইৰাছৰ গোত্ৰৰে ভাইৰাছ।