নাগৰিকত্ব বিধেয়কৰ সংশয় দূৰ নকৰাকৈ অসম চুক্তিৰ ৬নং দফা ৰূপায়ন সম্ভৱ নহয় : বেজবৰুৱা

hqdefault-750x375

প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া মদন প্ৰসাদ বেজবৰুৱা। ফটো : টুইটাৰ

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমত সৃষ্টি হোৱা পৰিস্থিতিৰ অৱসান নোহোৱাকৈ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰাটো সম্ভৱ নহয়। সংবাদ প্ৰতিষ্ঠানৰ আগত এই মন্তব্য প্ৰাক্তন প্ৰশাসনিক বিষয়া মদন প্ৰসাদ বেজবৰুৱাৰ।

বেজবৰুৱাই অসম চুক্তিৰ ৬নং দফা ৰূপায়ন সন্দৰ্ভত কেন্দ্ৰই গঠন কৰি দিয়া কাৰ্যকৰী সমিতিৰ অধ্যক্ষ পদৰ পৰা অলপতে অব্যাহতি লৈছে।

বেজবৰুৱাই অসমীয়া তথা খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ ব্যৱস্থা ৰখা অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ পূৰ্বে নাগৰিকত্ব সংশোধনী বিধেয়কক সন্দৰ্ভত অসমৰ জনসাধাৰণৰ মনত দেখা দিয়া আশংকা দূৰ কৰাটো জৰুৰী বুলি মত ব্যক্ত কৰিছে।

তেওঁ লগতে প্ৰকাশ কৰে যে অসমৰ ৰাইজে অসম চুক্তিৰ ৬নং দফা আৰু প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনক পৰস্পৰবিৰোধী বুলি ভাৱে। অসম চুক্তিৰ ৬নং দফাটো চুক্তিখনৰ হৃৎপিণ্ড স্বৰূপ। প্ৰধান মন্ত্ৰীয়ে এই দফাটো ৰূপায়ণ কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপ অত্যন্ত গুৰুত্বপূৰ্ণ।

অৱশ্যে, এই পদক্ষেপটো গ্ৰহণ কৰাত প্ৰধান মন্ত্ৰীয়ে বহু দেৰি কৰা বুলি বেজবৰুৱাই লগতে আক্ষেপো প্ৰকাশ কৰে।

উল্লেখযোগ্য যে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰই যোৱা ৪ জানুৱাৰিত গঠন কৰি দিয়া ৯ জনীয়া কাৰ্যকৰী সমিতিৰ  অধ্যক্ষ বেজবৰুৱাকে ধৰি মুঠ ৬জন সদস্যই ইতিমধ্যে সমিতিৰ পৰা অব্যাহতি লৈছে।

বেজবৰুৱাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি সমিতিখন গঠনৰ পূৰ্বে সদস্যসকলক জনোৱা নহ’ল বুলি মন্তব্য কৰিছিল। বেজবৰুৱাই অধিকাংশ সদস্য নাথাকিলে সমিতিৰ অস্তিত্ব নাথাকিব বুলি কাৰণ দৰ্শাই কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল।