৬ নং বৰপেটা লোকসভা সমষ্টি নামনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এটা অসংৰক্ষিত সমষ্টি।
- মুঠ ভোটাৰৰ সংখ্যা ১৬,৭৬,৮৫৪জন
- পুৰুষ ভোটাৰ : ৮,৬৫,৩০০জন
- মহিলা ভোটাৰ : ৮,১১,৫৩৮গৰাকী
- তৃতীয় লিংগৰ ভোটাৰ: ১৬গৰাকী
মুঠ ভোটকেন্দ্ৰ আছে ২,১৮৮টা
১৯৫১ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ বেলি ৰাম দাস সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
সমষ্টিটো বৰ্তমান এ আই য়ু ডি এফৰ দখলত আছে। সাংসদ ছিৰাজুদ্দিন আজমল। ছিৰাজুদ্দিন আজমল ২০১৪ চনত প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছে।
বৰপেটা সমষ্টিত বিধানসভাৰ ১০টা সমষ্টি অন্তৰ্গত। সেইকেইটা ক্ৰমে-
১। বঙাইগাঁও (অগপৰ দখলত, বিধায়ক ফণিভুষণ চৌধুৰী)
২। উত্তৰ অভয়াপুৰী (কংগ্ৰেছৰ দখলত, বিধায়ক আব্দুল হাই নাগৰি)
৩। দক্ষিণ অভয়াপুৰী (এ আই য়ু ডি এফৰ দখলত, বিধায়ক অনন্ত কুমাৰ মালো)
৪। পাটাছাৰকুছি (অগপৰ দখলত, বিধায়ক পবিন্দ্ৰ ডেকা)
৫। বৰপেটা (অগপৰ দখলত, বিধায়ক গুণিন্দ্ৰ নাথ দাস)
৬। জনীয়া (কংগ্ৰেছৰ দখলত, বিধায়ক আব্দুল খালেক)
৭। বাঘবৰ (কংগ্ৰেছৰ দখলত, বিধায়ক শ্বেৰমান আলী আহমেদ)
৮। সৰুক্ষেত্ৰী (কংগ্ৰেছৰ দখলত, বিধায়ক জাকিৰ হুছেইন শিকদাৰ)
৯। চেঙা (কংগ্ৰেছৰ দখলত, বিধায়ক শুকুৰ আলী আহমেদ)
১০। ধৰ্মপুৰ (বিজেপিৰ দখলত, বিধায়ক চন্দ্ৰ মোহন পাটোৱাৰী)
১৯৯১, ১৯৯৬ আৰু ২০১৪ চনৰ বাদে আটাইকেইটা নিৰ্বাচনত সমষ্টিটো কংগ্ৰেছৰ দখলত আছিল।
১৯৯১ আৰু ১৯৯৬ চনৰ সাধাৰণ নিৰ্বাচনত সমষ্টিটোৰ পৰা বৰ্তমানৰ চি পি আই (এম)ৰ প্ৰাৰ্থী উদ্ধৱ বৰ্মন নিৰ্বাচিত হৈছিল। আনহাতে ২০১৪ চনত সমষ্টিটো এ আই য়ু ডি এফৰ দখললৈ যায়। ৩,৯৪,৭০২টা ভোট লাভ কৰি এ আই য়ু ডি এফৰ ছিৰাজুদ্দিন আজমল সাংসদ নিৰ্বাচিত হোৱাৰ বিপৰীতে বিজেপিৰ চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৩৫২৩৬১ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল।
২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ত সমষ্টিটোত ভোটগ্ৰহণ সম্পন্ন হ’ব। তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ অহা ২৩ এপ্ৰিলত।
নিৰ্বাচনৰ বাবে সমষ্টিটোত মুঠ ১৩জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। তেওঁলোক হ’ল ক্ৰমে- কংগ্ৰেছৰ আব্দুল খালেক, তৃণমূল কংগ্ৰেছৰ আছাহক আলী দেৱান, অগপৰ কুমাৰ দিপক দাস, এ আই য়ু ডি এফৰ ৰফিকুল ইছলাম, পূৰ্বাঞ্চল জনতা পাৰ্টি (চেকুলাৰ)ৰ অৰুণ বৰুৱা, এছ য়ু চি আই (কমিউনিষ্ট)ৰ চিত্ৰলেখা দাস, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰ্নেশ্যনেলৰ ছানিয়াৰা পাৰ্বিন, এন পি পিৰ প্ৰনৱজ্যোতি দাস ৰাজবংশি, নেশ্যনেল ৰিপাব্লিকান কংগ্ৰেছৰ ভদ্ৰেশ্বৰ বৰ্মন, দ্যা নেশ্যনেল ৰ’ড মেপ পাৰ্টি অব ইণ্ডিয়াৰ মটিয়াৰ ৰহমান, ৰিপাব্লিকান পাৰ্টি অব ইণ্ডিয়া (এ)ৰ ৰেজাউল কৰিম, ভাৰতীয় গণ পৰিষদৰ শান্তনু মুখাৰ্জি আৰু নিৰ্দলীয় আৰ্ফান আলী।