• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“বিজেপিৰ মোদীৰ চৰকাৰ হিন্দুত্ববাদী উগ্ৰপন্থীৰ সমৰ্থক!” মোদীক আক্ৰমণ পাক প্ৰধানমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2022 7:29 pm
Imran Khan On Modi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে উগ্ৰপন্থীক সমৰ্থন কৰে! বিজেপিৰ মোদীৰ চৰকাৰ হিন্দুত্ববাদী উগ্ৰপন্থীৰ সমৰ্থক! উগ্ৰপন্থীৰ সমৰ্থিত প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰক আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে মনোযোগ দিয়া দৰকাৰ।

মোদীৰ চৰকাৰে হিন্দুত্ববাদী উগ্ৰপন্থীক সংখ্যালঘু মুছলমানৰ ওপৰত চলা আক্ৰমণক সমৰ্থন কৰিছে! ভাৰতৰ ২০০ মিলিয়ন মুছলমানক গণহত্যা আহ্বান জনোৱা হিন্দু উগ্ৰপন্থীক মৌনতাৰে সন্মতি দিছে নৰেন্দ্ৰ মোদী চৰকাৰে। হিন্দুত্ববাদী উগ্ৰপন্থীসকলক দায়মুক্ত কৰিছে মোদী চৰকাৰে!

এই বিস্ফোৰক অভিযোগেৰে ভাৰতৰ প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে।

উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত হিন্দু ধৰ্ম সংসদত সম্পৰ্কে শেহতীয়াকৈ মুখ খুলি এইদৰে প্ৰধানমন্ত্ৰী মোদী বিৰুদ্ধে আক্ৰমণাত্মক হৈছে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খান।

উল্লেখ্য যে কিছুদিন পূৰ্বে হৰিদ্বাৰত হিন্দু ধৰ্ম সংসদ অনুষ্ঠিত কৰা হৈছিল। য’ত হিন্দু ধৰ্মীয় গুৰুসকলে সংখ্যালঘু মুছলমানক আক্ৰমণ কৰিবলৈ মুকলিকৈ আহ্বান জনাইছিল।

আনকি ভাৰতত থকা ২০ কোটি মুছলমানক হত্যা কৰিবলৈ উদ্ভট আহ্বান জনোৱাৰো অভিযোগ উঠিছে হিন্দু ধৰ্মীয় গুৰুসকলৰ বিৰুদ্ধে।

হিন্দু ধৰ্মীয় নেতাৰ এই গুৰুতৰ আহ্বানৰ পিছতো নীৰৱ হৈ থকাৰ বাবেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি লৈছে পাক প্ৰধানমন্ত্ৰী খানে।

পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইটাৰত কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নীৰৱতাই সন্ত্ৰাসবাদী আদৰ্শৰে পৰিচালিত হিন্দুত্ববাদী গোটবোৰক উৎসাহিত কৰিছে।

পাক প্ৰধানমন্ত্ৰী খানৰ মতে ভাৰতৰ এনডিএ চৰকাৰৰ এই নিষ্ক্ৰিয়তাই বিজেপিৰ পৃষ্ঠপোষকতাত কাম কৰি থকা উগ্ৰপন্থী হিন্দুত্ববাদী গোটসমূহক “দেশখনৰ সংখ্যালঘুসকলৰ গণহত্যা”ৰ আহ্বান জনোৱাৰ বাবে উৎসাহিত কৰিছে।

আনকি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক দৃষ্টি আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হিন্দু সন্ত্ৰাসবাদীৰ প্ৰতি থকা দৰদ অঞ্চলটোৰ শান্তিৰ বাবেও ভাবুকি বুলি মন্তব্য কৰিছে পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে।

ইমৰাণ খানে লগতে অভিযোগ কৰে যে ভাৰতত মুছলমানৰ প্ৰতি বৃদ্ধি পোৱা বিদ্বেষ আঁৰত বিজেপিৰ উগ্ৰপন্থীয় আদৰ্শই দায়ী।

উল্লেখ্য যে হৰিদ্বাৰত অনুষ্ঠিত তিনিদিনীয়া হিন্দু ধৰ্ম সংসদত হিন্দু ধর্মৰ গুৰুসকলে কেৱল ঘৃণা বিয়পোৱা মন্তব্য কৰাই নাছিল, ধৰ্মীয় সংখ্যালঘুসকলক হত্যা কৰিবলৈকো আহ্বান জনাইছিল।

এই ধৰ্ম সংসদে সমগ্ৰ দেশৰ লগতে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পিছত উত্তৰাখণ্ড চৰকাৰে আইনী ব্যৱস্থা ল’বলৈ বাধ্য হৈ পৰে।

কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধৰ্ম সংসদৰ আপত্তিজনক আৰু বিষবাষ্প বিয়পোৱা মন্তব্য কৰা হিন্দু ধৰ্ম গুৰুসকলৰ বিৰুদ্ধে এটাও শব্দ উচ্চাৰণ কৰা নাই।

এই নীৰৱতাক তীব্ৰ ভাষাৰে গৰিহণা দি পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে বিশ্ব সম্প্ৰদায়ৰ সন্মুখত সদা সৰৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৱমূৰ্তিকে ম্লান কৰি পেলালে।

পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ নীৰৱতা ভংগ কৰে নে নকৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd