গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জন্ম হ’ল আই.ভি.এফ প্ৰযুক্তিৰ প্ৰথমটো শিশু

IVF baby born at GMCH

ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনে লাভ কৰিছে এক আশাব্যঞ্জক খবৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আজি জন্ম হয় আই.ভি.এফ (IVF) প্ৰযুক্তিৰ জৰিয়তে গৰ্ভধাৰণ কৰা এটি শিশুৰ।

এক সংবাদমেল সম্বোধন কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ড°  অচ্যুত চন্দ্ৰ বৈশ্যই এই সাফল্যৰ বিষয়ে সদৰী কৰিছে।

বৈশ্যই কয় যে ২০২২ চনতচিকিৎসালয়খনত বন্ধ্যাত্বৰ চিকিৎসালয় আৰম্ভ কৰা হৈছিল আৰু শেহতীয়াকৈ ২৭ মাৰ্চত চিকিৎসালয়ত আই.ভি.এফৰ জৰিয়তে গৰ্ভধাৰণ কৰা ন্যা শিশু এটিক প্ৰসৱ কৰা হয়।

তেওঁ জানিবলৈ দিয়া মতে নৱজাত শিশুটিৰ ওজন আছিল ২.৬ কিলোগ্ৰাম। সম্প্ৰতি মাতৃ আৰু সন্তান দুয়োৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি ড°  অচ্যুত চন্দ্ৰ বৈশ্যই লগতে সদৰী কৰে।

ইফালে জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই কয়, “ব্যক্তিগত চিকিৎসালয়ত আইভিএফ চিকিৎসাৰ বাবে প্ৰায় ৫ৰ পৰা ৬ লাখ টকা খৰচ হয়। অৱশ্যে আমি ৭০ হাজাৰ টকা খৰচ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছো।”

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এই চিকিৎসা প্ৰদান কৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়েই প্ৰথমখন চৰকাৰী চিকিৎসালয় বুলি অভিজিত শৰ্মাই লগতে কয়।

ইফালে জিএমচিএইচ কৰ্তৃপক্ষই প্ৰতি সপ্তাহত বুধবাৰ আৰু শুকুৰবাৰে চিকিৎসালয়খনত আইভিএফ চিকিৎসা কৰা বুলি অৱগত কৰি আইভিএফ কৰিব বিচৰা ৰোগীসকলক চিকিৎসা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।