দৰঙামেলাত ভয়ংকৰ মৰেল পুলিচগিৰীৰ ঘটনা; ঘন জংঘলত আৱদ্ধ কৰি দলবদ্ধ আক্ৰমণ যুৱকক

Moral policing in Baska

ফটো: নৰ্থইষ্ট নাও।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ দৰঙামেলা আৰক্ষী চকীৰ অন্তৰ্গত শশীপুৰত এক ভয়ংকৰ মৰেল পুলিচগিৰীৰ ঘটনা সংঘটিত হৈছে।

কেইজনমান যুৱকে এজন যুৱকক দোকানৰ পৰা উঠাই নি ঘন জংঘলত মাৰপিট কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে।

ভুটান সীমান্তৰ গেৰেজ লাইনত থকা নিজৰ দোকানৰ পৰা  বৃহস্পতিবাৰে  আবেলি কেইজনমান যুৱকে আহি বিশ্বজিৎ দাস নামৰ দোকানী এজনক জোৰ জুলমকৈ উঠাই লৈ যায় ।

এই ঘটনাৰ খবৰ জানিব পাৰি দোকানীজনক স্থানীয় কেইজনমান যুৱকে বিচাৰ খোচাৰ কৰাত যুৱকজনক শশীপুৰৰ এটুকুৰা জংঘলৰ মাজত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে।

দোকানী জনক লৈ যোৱা যুৱক কেইজনে দোকানীজনক বেয়া ধৰণে মাৰপিট কৰি জংঘলৰ মাজত পেলাই থৈ যায়। আনকি যুৱকজনৰ মুখত মূত্ৰ ত্যাগো কৰে।

পিছত আঘাত প্ৰাপ্ত বিশ্বজিতক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও আঘাত গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ লৈ প্ৰেৰণ কৰে।

বিশ্বজিতৰ পৰিয়ালে ঘটনা সংক্ৰান্তত দৰঙামেলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে এতিয়ালৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।

সংবাদ মাধ্যমত ব্যক্ত কৰা মতে ঘটনাৰে জড়িত গোর্খা ছাত্ৰ সংগঠনৰ একাংশ  নেতাৰ নেতৃত্বত সংঘটিত হৈছে এই মৰেল পুলিচগিৰীৰ ঘটনা।

বৰ্তমান দৰঙামেলা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।