জাতিৰ পিতাক অপমান! ক্লক টাৱাৰ নিৰ্মাণৰ বাবে ভাঙি পেলোৱা হ’ল গান্ধীৰ প্ৰতিমূৰ্তি

শেহতীয়াকৈ তিনিচুকীয়াৰ ডুমডুমাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আঁতৰোৱাক লৈ সৃষ্টি হৈছে তুমুল বিতৰ্কৰ।

ডুমডুমাৰ গান্ধী চকত থকা ৫.৫ ফুট উচ্চতাৰ ভাঙি তাত নিৰ্মাণ এটা ক্লক টাৱাৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে চৰকাৰে।

ইফালে এই প্ৰতিমূৰ্তিটো ভাঙিবলৈ এক্সেভেটৰ আহোঁতেই তাৎক্ষণিকভাৱে প্ৰতিবাদ কৰে স্থানীয় লোকসকলে।

লগতে এই ঘটনাক গৰিহণা দিছে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজে।

ভূমিজে কয় যে “মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি মূল স্থানত থাকিব লাগে। আমি এই অঞ্চলত ঘড়ী টাৱাৰ নিৰ্মাণৰ অনুমতি দিব নোৱাৰো”

ইফালে এই প্ৰতিক্ৰিয়াৰ প্ৰতি সঁহাৰি জনাই ডুমডুমা বিজেপিৰ বিধায়ক ৰূপেশ গোৱালাই পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা কৰে।

বৃহস্পতিবাৰে গোৱালাই প্ৰতিশ্ৰুতি দিয়ে যে ছমাহৰ ভিতৰত মূল স্থানত মহাত্মা গান্ধীৰ নতুন প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব।

এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘জিলা প্ৰশাসনে লোৱা এই সিদ্ধান্তৰ বিষয়ে মই অৱগত নহয়। মহাত্মা গান্ধীৰ ওচৰত অসম সদায় ঋণী।”