• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

INDIA বনাম NDA : বিৰোধীক আক্ৰমণ কৰিবলৈ গৈ ফান্দত পৰিল মুখ্যমন্ত্ৰী হিমন্ত!

টুইটাৰ বায়’ৰ পৰা ‘INDIA’ আঁতৰালে মুখ্যমন্ত্ৰী হিমন্ত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2023 11:57 am
3.5k
VIEWS
Share on FacebookShare on Twitter

বিৰোধী ঐক্যৰ নতুন নাম ‘INDIA’ ঘোষণা কৰাৰ পাছতে  অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই নিজৰ টুইটাৰ হেণ্ডলৰ বায়’ৰ আঁতৰাই পেলাইছে ‘INDIA’। ইয়াৰ ঠাইত সন্নিৱিষ্ট কৰিছে ‘ভাৰত’।

উল্লেখ্য, বাংগালুৰুত অনুষ্ঠিত বিৰোধী ঐক্যৰ দ্বিতীয়খন দুদিনীয়া বৈঠকৰ অন্তত সম্বোধন কৰা সংবাদ মেলত বিৰোধী নেতৃত্বই বিৰোধী ঐক্যৰ নাম পূৰ্বৰ ইউপিএৰ পৰিৱৰ্তে ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্স চমুকৈ INDIA ৰখা বুলি ঘোষণা কৰে। বিৰোধী নেতৃত্বই লগতে কয় যে নতুন INDIAৰ পতাকাৰ অধীনতে বিৰোধী দলবোৰে ঐক্যৱদ্ধভাৱে বিজেপিৰ নেতৃত্বাধীন এনডিএৰ বিৰুদ্ধে যুঁজ কৰাৰ লগতে নহয় ২০২৪ৰ নিৰ্বাচনতো অৱতীৰ্ণ হ’ব।

বিৰোধী ঐক্য INDIA নাম বাচি লোৱাৰ বাতৰি প্ৰকাশ পোৱা পাছতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক এসেকা দিবলৈ টুইটাৰ বায়’ৰ পৰা ‘INDIA’ আঁতৰাই তাৰ ঠাইত ‘ভাৰত’ সংযোজন কৰিছে৷ কিন্তু বিৰোধীক এসেকা দিবলৈ গৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিজে পতা ফান্দত নিজেই যেন ভৰি দিলে।

বায়’ সলনিৰ সন্দৰ্ভত নিজৰ যুক্তি দি বিৰোধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ব্ৰিটিছে এই দেশৰ নাম ‘INDIA’ ৰাখিছিল আৰু আমাৰ সংগ্ৰাম হ’ব লাগে জাতিটোক ‘ঔপনিৱেশিক উত্তৰাধিকাৰৰ’ পৰা মুক্ত কৰা।

মুখ্যমন্ত্ৰী শৰ্মাই টুইট কৰি লিখিছে, “আমাৰ সভ্যতাকেন্দ্ৰিক যুঁজখন ‘INDIA’ আৰু ‘ভাৰত’ক কেন্দ্ৰ কৰি চলি আছে। ব্ৰিটিছে আমাৰ দেশৰ নাম ‘INDIA’ ৰাখিছিল। আমি ঔপনিৱেশিক উত্তৰাধিকাৰৰ পৰা নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰিব লাগিব।আমাৰ পূৰ্বপুৰুষসকলে ভাৰতৰ বাবে যুঁজিছিল, আৰু আমি ভাৰতৰ বাবে কাম কৰি যাম।”

 

Our civilisational conflict is pivoted around India and Bharat.The British named our country as India. We must strive to free ourselves from colonial legacies. Our forefathers fought for Bharat, and we will continue to work for Bharat .

BJP for BHARAT

— Himanta Biswa Sarma (@himantabiswa) July 18, 2023

 

এই টুইটৰ পিছতে কংগ্ৰেছে আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাক। কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘ভাৰত’ৰ হৈ ওকালতি কৰা মুখ্যমন্ত্ৰী শৰ্মাৰ গুৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ চৰকাৰী আঁচনিবোৰ নাম ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, স্কীল ইণ্ডিয়া আদি ৰাখিছে বুলি কটাক্ষ কৰে।

“অসমৰ মুখ্যমন্ত্ৰীৰ মুখখন টেঙা আঙুৰেৰে ভৰি আছে নেকি? তেওঁৰ নতুন গুৰু প্ৰধানমন্ত্ৰী মোদীয়ে আমাক স্কিল ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়া— এই সকলোবোৰ নতুন নাম দিলে। তেওঁ (প্ৰধানমন্ত্ৰী মোদী) বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক ‘টিম ইণ্ডিয়া’ হিচাপে একেলগে কাম কৰিবলৈ আহ্বান জনাইছিল। আনকি প্ৰধানমন্ত্ৰী মোদীয়ে ‘ভোট ইণ্ডিয়া’ৰো আবেদন জনাইছিল!” এইদৰে টুইট কৰি মুখ্যমন্ত্ৰী শৰ্মাৰ কটা ঘাত চেঙা তেল দিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে।

 

Is the Assam CM having a surplus of sour grapes in his mouth? His new mentor, Mr. Modi, gave us Skill India, Start-up India and Digital India—all new names for ongoing programmes. He’s asked CMs of different states to work together as ‘Team India’. He even made an appeal to Vote… pic.twitter.com/YYCeDcWMui

— Jairam Ramesh (@Jairam_Ramesh) July 19, 2023

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd