জুলাইৰ পৰা বিশ্বৰ ৫ খন দেশত অধিক ভয়াৱহ হ’ব ক’ৰ’নাৰ পৰিস্থিতি! : কি কি সেই পাঁচখন দেশ ?

Story-2-8-1140x570

ক’ৰ’নাৰ সন্ত্ৰাসত ত্ৰস্তমান সমগ্ৰ বিশ্বত।

প্ৰতিদিনে বিশ্বত ক’ৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ২ লাখকৈ লোক।

বিশ্বৰ সৰ্বাধিক ক’ৰ’নাক্ৰান্ত দেশসমূহ হৈছে ক্ৰমে আমেৰিকা, ব্ৰাজিল, ভাৰত, ৰাছিয়া আৰু পেৰু।

দেখা গৈছে যে সময় অতিক্ৰম কৰাৰ লগে লগে ভাইৰাছবিধেও নিজৰ চৰিত্ৰ আৰু গতিবিধি সলনি কৰি আহিছে।

উল্লেখ্য যে, মে’ মাহত ভাইৰাছ বিধে ইউৰোপত সৰ্বাধিক সংক্ৰমিত হৈছিল। কিন্তু জুন-জুলাই মাহত ইয়াৰ প্ৰকোপ বৃদ্ধি পাইছে ক্ৰমে আমেৰিকা, ব্ৰাজিল ভাৰত, পেৰু আৰু দক্ষিণ আফ্ৰিকা আদি দেশসমূহত।

ৱৰ্ল্ড মিটাৰ অনুযায়ী দক্ষিণ আফ্ৰিকা, ব্ৰাজিল, আমেৰিকা, মেক্সিকো আৰু ভাৰত আদি দেশত জুলাই মাহত ক’ৰ’না পৰিস্থিতি অধিক ভয়াৱহ হ’ব।

ব্ৰাজিলত জুলাই মাহৰ কেৱল ১৪ টা দিনতে প্ৰায় ৫ লক্ষাধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। যোৱা জুন মাহলৈকে ব্ৰাজিলত কোভিড আক্ৰান্তৰ সংখ্যা আছিল ১৪.০৮ লাখ। ১৪ জুলাইত ই বৃদ্ধি হৈ হৈছে প্ৰায় ১৯ লাখ।

ইফালে ব্ৰাজিলত যোৱা ১৪ টা দিনত আক্ৰান্তৰ মৃত্যুৰ হাৰো বৃদ্ধি হৈছে। জুলাইত প্ৰতি দিনে গড়ে ব্ৰাজিলত ১০০০ গৰাকী আক্ৰান্তৰ মৃত্যু ঘটিছে।

আমেৰিকাতো যোৱা কেৱল ১৪ টা দিনত ৭.৩০ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আক্ৰান্তৰ মৃত্যু হাৰো বৃদ্ধি হৈছে দেশখনত। যোৱা ১৪ টা দিনত আমেৰিকাত ৮.৬০ হাজাৰৰো অধিক আক্ৰান্তৰ মৃত্যু হৈছে।

ইফালে মেক্সিকোত যোৱা ১৪ টা দিনত আক্ৰান্তৰ আৰু মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। দেশতখনত জুন মাহলৈকে আক্ৰান্তৰ সংখ্যা আছিল ২.২০ লাখ আৰু ১৪ জুলাইত ৩.০৫ লাখলৈ বৃদ্ধি হৈছে।

যোৱা ১৪ টা দিনত দেশখনত মৃত্যুৰ সংখ্যা হৈছে ৮.৩৭ হাজাৰ। মৃত্যুৰ হাৰ ২৭.১২ পৰা ৩৫.৪০৯লৈ বৃদ্ধি হৈছে মেক্সিকোত।

দক্ষিণ আফ্ৰিকাতো যোৱা ১৪ টা দিনত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে ক’ৰ’নাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা। দেশখনত মুঠ আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা হৈছে ক্ৰমে ২.৮৭ লাখ আৰু ২৬৫৭ জন।

কিন্তু যোৱা ১৪ টা দিনত দেশখনত ১.৩৫ লাখ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৫০০ৰো অধিক আক্ৰান্তৰ মৃত্যু হৈছে।

ইফালে ভাৰতত যোৱা মাত্ৰ ১৪ টা দিনতে আক্ৰান্তৰ সংখ্যা হৈছে ৩.৩০ লোক। এই ১৪ টা দিনত ভাৰতত মৃত্যু হৈছে ৭ হাজাৰো অধিক আক্ৰান্ত।