পানী পৰিল বিজেপি মিত্ৰজোঁটত : উৰিষ্যাত নবীন পাটনায়কৰ দল বিজু জনতা দলৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিজেপিয়ে

আগন্তুক লোকসভা নিৰ্বাচনত উৰিষ্যাৰ বিজেপি ইউনিটে ‘গ’-ইট-এল’ন’ নীতি গ্ৰহণ কৰিছে। শাসকীয় বিজু জনতা দলৰ সৈতে মিত্ৰতা কৰিবলৈ ইচ্ছুক নহয় বিজেপিৰ ৰাজ্যিক সভাপতি মনমোহন সমল। লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনত সকলো আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সদৰী কৰিছে নেতাগৰাকীয়ে।

বিজেপিৰ ৰাজ্যিক নেতৃত্বই ওড়িশাত শাসকীয় দলৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ দিশে আগবাঢ়িছে। অৱশ্যে দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এতিয়াও বিজেডিৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী।

শুকুৰবাৰে উৰিষ্যা বিজেপিৰ ৰাজ্যিক সভাপতি মনমোহন সমলে নিজৰ এক্স হেণ্ডেলত লিখিছে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু উন্নত ভাৰতৰ বাবে ওড়িশাৰ ৪.৫ কোটি জনসাধাৰণৰ আশা পূৰণৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে লোকসভাৰ ২১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব লগতে বিজেপিয়ে বিধানসভাৰ ১৪৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।’

বিজেপি নেতাগৰাকীয়ে লগতে লিখিছে, “য’তেই ডুৱেল ইঞ্জিন চৰকাৰ চলি আছে তাতেই আমি সমগ্ৰ ৰাজ্যত উন্নয়ন দেখিবলৈ পাওঁ। সেই ৰাজ্যবোৰে সকলো ক্ষেত্ৰতে অগ্ৰগতি লাভ কৰিছে। কিন্তু এতিয়া দেখা গৈছে যে কেন্দ্ৰৰ বহু প্ৰকল্প উৰিষ্যাত উপলব্ধ হোৱা নাই। যাৰ বাবেই উৰিষ্যাৰ দৰিদ্ৰ ভাই-ভনীসকলক সেই সুযোগ দিবলৈ বিজেপিয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।