NORTHEAST NOW (Assamese)

দেশত ক’ৰ’নাই গঢ়িলে নতুন অভিলেখ; ২৪ ঘণ্টাত ৮৩,৮৮৩ গৰাকী আক্ৰান্ত

September 3, 2020 11:07 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

আজি স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ৮৩,৮৮৩ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ১,০৪৩ গৰাকী ৰোগী।

সংক্ৰমণৰ দিশৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৮,৫৩,৪০৭ গৰাকী হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৬৭,৩৭৬ গৰাকী।

উল্লেখ্য যে দেশত এতিয়া ৮,১৫,৫৩৮ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২৯,৭০,৪৯৩ গৰাকী ৰোগী ক’ৰ’না মুক্ত হৈছে।

ক’ৰ’নাৰ সংহাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।

উল্লেখ্য যে আই চি এম আৰে প্ৰকাশ কৰা অনুসৰি ২ চেপ্তেম্বৰলৈ দেশত মুঠ ৪,৫৫,০৯,৩৮০ গৰাকী লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে। ইয়াৰে ১১,৭২,১৭৯ গৰাকী লোকক বুধবাৰে টেষ্ট কৰা হৈছে।

Related News