তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত নতুন মুখৰ সন্ধান কৰিছে দুৰ্নীতিত অতিষ্ঠ হৈ পৰা ভোটাৰে

mm

১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনলৈ ধাৰাবাহিকভাৱে শাসক বিৰোধীকে ধৰি বাওপন্থী ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে ক্ষমতা দখলৰ ন ন ৰাজনৈতিক ৰণকৌশল।

উল্লেখ্য যে ৩৬ টা সমষ্টিৰে পৰিবেষ্টিত পৰিষদখনত মৰিগাঁও জিলাৰ পৰা ১৯ টা সমষ্টিত এতিয়া দিন ৰাতি একাকাৰ কৰি শাসক বিৰোধীকে ধৰি প্ৰক্ষেপিত প্ৰাৰ্থীসকলে ইজনে সিজনৰ গালৈ বোকা ছটিয়াই ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ কৌশল অৱলম্বন কৰি আৰম্ভ কৰিছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযান ।

মনকৰিবলগীয়া যে ১৯৯৩ চনতে তিৱা জনগোষ্ঠীৰ ৰাইজৰ সামগ্ৰীক বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত গঠন হোৱা পৰিষদখন বাস্তৱ ক্ষেত্ৰত কিন্তু তিৱা ৰাইজৰ লগতে পৰিষদৰ এলেকাধীন ৰাইজৰ বিকাশ হ’লে আজিকোপতি নহ’ল।

বৰং ক্ষমতা আৰু ৰাজনৈতিক আশীষপুষ্ট এচাম তথাকথিত নেতাৰ বাবে পৰিষদখন হৈ পৰিছিল আল্লাউদ্দিনৰ চাকি সদৃশ।

পৰিষদৰ সমষ্টি উন্নয়নৰ ধনসমূহ দুৰ্নীতি অনিয়মৰে  শুহি শুহি পৰিষদখনক কোৱাঁভাতুৰিত পৰিণত কৰি তুলিছিল ক্ষমতাধাৰী নেতাসকলে।

ইফালে পৰিষদখনৰ ধব্বংসলীলাই চূড়ান্ত পৰ্যায় লাভ কৰিছিল ২০১০ চনৰ তদানিন্তন মুখ্য কাৰ্যবাহী সদস্য তথা মৰিগাঁৱৰ বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু তেঁওৰ অনুগত তথা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ খগেন চন্দ্ৰ বৰদলৈৰ কাৰ্যকালত।

এইদৰে দুয়োগৰাকী ভণ্ডনেতাৰ বিৰোদ্ধে এতিয়া মুকলি বিদ্ৰোহ ঘোষণা কৰিছে পৰিষদৰ অন্তৰ্ভূক্ত সাধাৰণ ভোটাৰ ৰাইজে।

ক্ষমতা হস্তগত কৰি বিগত সময়ত পৈতিক সম্পতি হিছাপে ব্যৱহাৰ কৰি সীমাহীন দুৰ্নীতি কেলেংকাৰীত সাঙোৰখোৱা নেতাসকলেই আকৌ সমাগত তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনলৈ প্ৰাৰ্থীহৈ ভূমুকি মাৰিছে ৰাইজৰ ওচৰত।

শাসন আৰু শোষণত অতিষ্ট হৈ পৰা পৰিষদৰ এলেকাধীন ৰাইজে সেয়ে এইবাৰ নেতৃত্বৰ পৰিৱৰ্তন বিচাৰিছে ।

নতুন মুখৰ সন্ধানত ভোটাৰ ৰাইজে বিজেপি বিৰোধী স্থিতিৰে পুনৰ এখন স্বচ্ছ আৰু নিকা পৰিষদ গঠনৰ পোষকতা কৰিছে।

স্নৰ্তব্য যে তিৱা জনগোষ্ঠীয় ৰাইজৰ আবেগ তথা জাতিটোৰ সন্মান জড়িত হৈ থকা পৰিষদখনৰ অনাগত ভৱিষ্যত কিমান সুৰক্ষিত হৈ থাকে সেয়াহে সমষ্টিবাসীৰ বাবে এক জটিল প্ৰশ্ন বুলি ৰাজনৈতিক বিশ্লেষক মহলৰ মাজত চৰ্চা লাভ কৰিছে ।