পশ্চিম বংগত পৰাজয়ৰ বাবে NRC-ক দায়ী কৰিলে বিজেপি প্ৰাৰ্থীয়ে

Mamata

অসমৰ দৰে গোটেই দেশতে এন আৰ চি আপডেইট কৰা হ’ব বুলি বিজেপিৰ কেন্দ্ৰীয় নেতা, বিশেষকৈ সভাপতি অমিত শ্বাহে কৈ থকাৰ সময়তে এন আৰ চিৰ বিভ্ৰান্তিয়েই পশ্চিম বংগত বিজেপিৰ পৰাজয় আনিলে মন্তব্য কৰিছে পৰাজিত প্ৰাৰ্থী কমল চন্দ্ৰ সৰকাৰে।

তেওঁ উত্তৰ দিনাজপুৰ জিলাৰ কালিয়াগঞ্জ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি তৃণমূল কংগ্ৰেছৰ তপন দেব সিনহাৰ হাতত পৰাজিত হয়।

“আমি লোকসভাৰ নিৰ্বাচনত বৃহৎ অগ্ৰগতি লোৱা সত্ত্বেও হাৰিলো। অসমৰ দৰে বংগত এন আৰ চি আপডেইট কৰা হ’ব বুলি যি বিভ্ৰান্তি সৃষ্টি হ’ল, সেইটোৱে পৰাজয়ৰ কাৰণ হ’ল। মানুহে এই ধৰণৰ বিবৃতি গ্ৰহণ নকৰিলে আৰু আমি ইচ্ছ্যুটো সম্পৰ্কত মানুহৰ কাষ চাপিব নোৱাৰিলো।”, নিজৰ পৰাজয় সন্দৰ্ভত মন্তব্য বিজেপিৰ প্ৰাৰ্থীজনৰ।

উল্লেখযোগ্য যে পশ্চিম বংগৰ তিনিটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ২৮ নৱেম্বৰত ঘোষণা কৰা ফলাফলত আটাইতকেইটাতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হয়।

উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিকেইটাৰ এটা (কালিয়াগঞ্জ) কংগ্ৰেছ, এটা (কৰিমপুৰ) তৃণমূল কংগ্ৰেছ আৰু এটা (খড়গপুৰ সদৰ) বিজেপিৰ হাতত আছিল। খড়গপুৰ সমষ্টিটো লোকসভালৈ নিৰ্বাচিত হোৱাৰ আগলৈকে পশ্চিম বংগৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষে প্ৰতিনিধিত্ব কৰি আছিল। কিন্তু সমষ্টিটোত তৃণমূলৰ প্ৰদীপ সৰকাৰৰ হাতত গেৰুৱা দলটোৰ প্ৰেমচান্দ ঝা ২০,৭৮৮ টা ভোটত হাৰে।

অৱশ্যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষে এন আৰ চি ইচ্ছ্যুটোৱেই পৰাজয়ৰ দায়ী বুলি মানিবলৈ অস্বীকাৰ কৰে। তেওঁ তাৰ পৰিৱৰ্তে কয়, “উপ-নিৰ্বাচনত সাধাৰণতে শাসনত থকা দলটোৰ প্ৰাৰ্থীয়েই জয়ী হয়।”

ইপিনে তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ দলটোৰ এই জয় বিজেপিৰ অহংকাৰৰ উত্তৰ বুলি কোৱাৰ লগতে ভোটাৰে এন আৰ চিৰ বিৰুদ্ধে ৰায় দিলে বুলিও মন্তব্য কৰিছে।