কেন্দ্ৰীয় বিত্তীয় বাজেট-২০১৯ : ইলেক্ট্ৰিক বাহন ক্ৰয়ৰ বাবে লোৱা ঋণত ১.৫ লাখ টকালৈ আয়কৰ ৰেহাই

Union Budget 2019

কেন্দ্ৰীয় বাজেটত ইলেক্ট্ৰিক বাহন গ্ৰাহকলৈ ৰেহায়।

চলিত বছৰত ভাৰতবৰ্ষত বহুসংখ্যক ইলেক্ট্ৰিক বাহনে বজাৰ দখল কৰিবলৈ প্ৰস্তুতি চলাই থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ভাৰতত ইলেক্ট্ৰিক বাহনৰ বিক্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে বিশেষ সাহায্য কেন্দ্ৰীয় বাজেটত ঘোষণা কৰিছে।

আজি কেন্দ্ৰীয় বিত্তীয় বাজেট দাখিল কৰাৰ সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীমাৰমণে ইলেক্ট্ৰিক বাহন ক্ৰয় কৰাৰ বাবে লোৱা ঋণৰ ক্ষেত্ৰত গ্ৰাহকসকলে ১.৫ লাখ টকাৰ অতিৰিক্ত আয়কৰ ৰেহাই পাব বুলি ঘোষণা কৰে।

ইলেক্ট্ৰিক বাহনৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১০,০০০ কোটি টকা অতিৰিক্তভাৱে এপ্ৰিল মাহৰ ফেম টু আঁচনিত নিৰ্ধাৰণ কৰিছিল যিয়ে দেশত ইলেক্ট্ৰিক বাহনৰ সংখ্যা বৃদ্ধি কৰা আৰু ইয়াৰ বাবে প্ৰয়োজনীয় চাৰ্জিং আন্তঃগাঠনি নিৰ্মাণৰ কামত ব্যয় কৰা হ’ব।

বিত্তমন্ত্ৰী সীতাৰমণে দেশৰ জনসাধাৰণক ইলেক্ট্ৰিক বাহনৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে আহ্বান জনায়।  ইলেক্ট্ৰিক বাহনে ভবিষ্যত প্ৰজন্মক যাতায়তৰ ক্ষেত্ৰত এক স্থায়ী গতিশীলতা প্ৰদান কৰিব বুলি উল্লেখ কৰাৰ লগতে ই ব্যক্তিৰ সঞ্চিত আয়ৰ পৰিমাণ বৃদ্ধি কৰাত সহায়ক হ’ব বুলিও তেওঁ কয়।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে আগন্তুক পাঁচবছৰত ১১.৬ বিলিয়ন মূল্য ব্যয়েৰে দেশৰ ১,২৫,০০০ কিলোমিটাৰ পথৰ আন্তঃগাঠনি উন্নয়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বাজেট ভাষণত সীতাৰমণে দেশৰ মুখ্য চহৰসমূহৰ বেছিভাগেই প্ৰদূষণৰ কৱলত পৰা বুলি উল্লেখ কৰি ইলেক্ট্ৰিক বাহনৰ প্ৰচলনে প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় বাজেটত উল্লেখ কৰাৰ পূৰ্বে দেশৰ আগশাৰীৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান টাটা, মহিন্দ্ৰা আদিয়ে ই-ভেৰিট’, টিগৰ-ইভিৰ উপৰিও হুণ্ডাই কোনা আদি ইলেক্ট্ৰিক বাহন বজাৰত মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

তদুপৰি, দুচকীয়া বাহনৰ ক্ষেত্ৰতো বাজাজ অ’টোই ইয়াৰ  ইলেক্ট্ৰিক দুচকীয়া বাহন অহা বছৰৰ ভিতৰত বজাৰত মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।

ভাৰতৰ ৰাজপথত ইলেক্ট্ৰিক বাহনৰ সংখ্যা বৃদ্ধি নোহোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় চাৰ্জিঙৰ আন্তঃগাঠনিৰ অভাৱে মূল কাৰণ যদিও চলিত বাজেটত ইলেক্ট্ৰিক বাহনৰ প্ৰচলন বৃদ্ধি কৰাৰ বাবে দৰকাৰী সকলোধৰণৰ আন্তঃগাঠনি উন্নয়ণ কৰাৰ বাবে বহু পৰিমাণৰ ধন মোকলাই দিয়া হৈছে বুলি বিত্তমন্ত্ৰী সীতাৰমণে মন্তব্য কৰে।