অন্তিমখন টেষ্টতো ইংলেণ্ডৰ বেটিং বিপৰ্যয়, ভাৰতীয় স্পীনাৰৰ সফলতাৰ ধাৰা অব্যাহত

বিফলতাৰ ধাৰা অব্যাহত আছে ইংলেণ্ডৰ বেটিংক্ৰমৰ।

ভাৰতৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ অন্তিমখন নিৰ্ণায়ক মেচৰ প্ৰথম ইনিংছতো ভাৰতীয় স্পিন আক্ৰমণৰ সমুখত ছেদেলি ভেদেলি হৈ পৰে দলটো।

আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত টেষ্টমেচখনত টছত জিকি প্ৰথমে বেট ধৰিবলৈ আহে আলহী দলটোৱে আৰু প্ৰথমৰে পৰা অক্ষৰ পেটেলৰ ক্ষুৰধাৰ স্পিন বলিঙৰ মুখামুখী হয়।

অক্ষৰে অপেনাৰদ্বয় জেক ক্ৰাউলী (৯) আৰু ডম চিবলে (২)ক কম সময়ৰ ভিতৰতে পেভিলিয়লনলৈ পঠায়।

অক্ষৰ পেটেলক যোগ্য সহযোগিতা আগবঢ়াই মিডিয়াম পেচাৰ মহম্মদ চিৰাজে জনী ব’ৰিষ্ট’ (২৮) আৰু জ’ ৰুট(৫)-ৰ গুৰুত্বপূৰ্ণ উইকেট দুটা লাভ কৰে।

আনহাতে ৰবীচন্দ্ৰন অশ্বিনে তিনিটাকৈ উইকেট হস্তগত কৰাৰ বিপৰীতে ৱাশ্চিংটন সুন্দৰে বেন ষ্টকছ(৫৫)ৰ নিৰ্ণায়ক উইকেটটো লাভ কৰে।

শীৰ্ষক্ৰমৰ বেটছমেনসকলৰ ব্যৰ্থতাৰ পাছত অলৰাউণ্ডাৰ বেন ষ্টকছৰ ৫৫ (১২১) আৰু ডান ল’ৰেন্সৰ ৪৬ (৭৪)-ৰ সহায়ত ২০৫ ৰাণত প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য হয়।

আনহাতে ইনিংছ আৰম্ভ কৰি ভাৰতে প্ৰথম অভাৰতে অপেনাৰ শুভমন গীল (০)ৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱায়।

গীল এলবিডব্লিউ হয় জেমছ এণ্ডাৰছনৰ বলত।

দিনটোৰ খেল সামৰাৰ পৰলৈকে ভাৰতে এক উইকেটৰ বিনিময়ত ১২ অভাৰত ২৪ ৰাণ কৰিছে।

ৰোহিত শৰ্মা (৮) আৰু চেতেশ্বৰ পূজাৰা (১৫) অপৰাজিত হৈ আছে।

উল্লেখযোগ্য যে এই টেষ্টখনেৰে ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে মহেন্দ্ৰ সিং ধোনীৰ এটা ৰেক’ৰ্ড স্পৰ্শ কৰে।

ইয়াৰ পূৰ্বে টেষ্ট মেচত অধিনায়ক হিচাপে ধোনীয়ে ভাৰতক সৰ্বাধিকবাৰ নেতৃত্ব প্ৰদান কৰিছিল।

বৰ্তমান কোহলী আৰু ধোনী- দুয়োৱে মুঠ ৬১খন টেষ্টমেচত ভাৰতক নেতৃত্ব দিছে।