NORTHEAST NOW (Assamese)

ডিঙিত গামোচা লৈ গৌৰৱেৰে বিদেশত হজযাত্ৰীৰ স্বাধীনতা দিৱস উদযাপন

August 16, 2019 9:09 am · ইয়াছিন আলী
ফটো : নৰ্থ-ইষ্ট নাও

১৫ আগষ্ট অৰ্থাৎ বৃহস্পতিবাৰে সমগ্ৰ দেশবাসীৰ লগতে বিদেশতো উদযাপন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস।

চৌদি আৰৱৰ পবিত্ৰ মক্কাৰ আজিজীয়াত মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত অসমৰ হজযাত্ৰী সকলে স্বাধীনতা দিৱস পালন কৰে।

পতাকা উত্তোলনৰ সময়ত হজযাত্ৰী সকলে ডিঙিত অসমীয়া গামোচা লৈ ৭৩ সংখ্যক স্বাধীনতা দিৱস পালন কৰা পৰিলক্ষিত হয়।

ভাৰতীয় সময়মতে ৰাতিপুৱা ৯ বজাত অসম আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ মুখ্য সচিব মনিৰ উদ্দিনৰ সহযোগত হাজী দেৱান নুৰ ইছলাম, ছামচুল হক আৰু উত্তৰ-পূব যুটীয়া হজ কমিটিৰ সম্পাদক আব্দুল হান্নান তাপাদাৰে যুটীয়াভাৱে পতাকা উত্তোলন কৰে।

পতাকা উত্তোলন কাৰ্যসূচীত অসমৰ কেইবা শতাধিক হজযাত্ৰী উপস্থিত থাকি ভাৰতীয় জাতীয় সংগীত পৰিৱেশন কৰে।

নিজৰ আপোন জন্মভূমিৰ পৰা আঁতৰি থাকিলেও এই গুৰুত্বপূৰ্ণ দিনটোক গৌৰৱেৰে সুঁৱৰিবলৈ সুযোগ পাই যথেষ্ট আনন্দিত হৈছে এইসকল ভাৰতীয়।

উল্লেখ্য যে পোন প্ৰথমবাৰৰ বাবে মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছ অসম ৰাজ্যিক কমিটিয়ে এই পদক্ষেপ লৈছে।

ইফালে হজযাত্ৰী সকলে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিশ্ব শান্তিৰ হকে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে।

Related News