কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নির্বাচন : নেতৃত্বত নিৰ্দলীয়; আছুৰ আধিপত্য

সভাপতি, সাধাৰণ সম্পাদক আৰু উপ সভাপতি পদত জয়ী নিৰ্দলীয় প্ৰাৰ্থী

Cotton (1)

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিজয়ী কেইগৰাকীমান প্ৰাৰ্থী। ফটো : নৰ্থইষ্ট নাও

অতি শান্তিপূৰ্ণভাৱে ঘোষিত হ’ল কটন বিশ্ব বিদ্যালয় ছাত্ৰ একতা সভাৰ ২০১৯-২০ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল।

সভাপতি, সাধাৰণ সম্পাদক আৰু উপ সভাপতি পদত জয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী। বাকী ১০ টা পদত আছু সমৰ্থিত প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে দুটা পদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হৈছে।

সভাপতি পদত জয়ী হৈছে বুৰঞ্জী বিভাগৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰ হিৰকজ্যোতি পাটোৱাৰী। তেওঁ লাভ কৰিছে সৰ্বমুঠ ১৪২৬ টা ভোট।

উপ সভাপতি পদত জয়ী হৈছে এনথ্ৰ’প’লজি বিভাগৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰী মনিষা ডেকা। মনিষাই লাভ কৰিছে সৰ্বমুঠ ১২৬২ টা ভোট।

সাধাৰণ সম্পাদক পদত জয়ী হৈছে সাংবাদিকতা ও গণ সংযোগ বিভাগৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ ৰাহুল বৰদলৈ। তেওঁ লাভ কৰিছে ১২৭৩ টা ভোট।

আনহাতে, সহকাৰী সাধাৰণ সম্পাদক পদত আছু সমৰ্থিত ভূগোল বিভাগৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰী অভিলাষা নেওগ জয়ী হৈছে। তেওঁ লাভ কৰিছে ১১০৪ টা ভোট।

কটনিয়ানৰ সম্পাদক পদত জয়ী হৈছে আছু সমৰ্থিত পদাৰ্থ বিজ্ঞান বিভাগৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ হৃষিকেশ গোস্বামী। তেওঁ লাভ কৰিছে ১৩৩৯ টা ভোট।

সংগীত সম্পাদক পদত জয়ী হৈছে ছাত্ৰ মুক্তি সমৰ্থিত সাংবাদিকতা ও গণ সংযোগ বিভাগৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী অংকিতা দত্ত। ছাত্ৰীগৰাকীয়ে লাভ কৰিছে ১৪৩৩ টা ভোট।

সাংস্কৃতিক সম্পাদক পদত জয়ী হৈছে আছু সমৰ্থিত ৰাজনৈতিক বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ অনিমেশ ভাগৱতী। ছাত্ৰজনে লাভ কৰিছে ১০৪৩ টা ভোট।

ইপিনে, এথলেটিক্স, ক্ৰিকেট, সমাজ সেৱা, তৰ্ক, ছাত্ৰী জিৰণি কোঠা, লঘু ক্ৰীড়া আৰু টেনিছ, সাঁতোৰ-জিমনাষ্টিকৰ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থীয়ে জয় লাভ কৰিছে।

ইয়াৰ বিপৰীতে ফুটবল সম্পাদক পদত নিৰ্দলীয় আৰু ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত ছাত্ৰ মুক্তি সমৰ্থিত প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে।

আনহাতে, মহানগৰীৰ আন এখন আগশাৰীৰ মহাবিদ্যালয় বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এন এছ য়ু আইৰ সমৰ্থিত প্ৰাৰ্থীয়ে আধিপত্য বিস্তাৰ কৰে।

ছাত্ৰ একতা সভাখনৰ সভাপতি পদত হেমাংগ নাথ. উপ সভাপতি পদত দলবীৰ সিং আৰু সাধাৰণ সম্পাদক পদত শুভ্ৰজিত বৰুৱা বিজয়ী হৈছে। এই আটাইকেইগৰাকী এন এছ য়ু আই সমৰ্থিত প্ৰাৰ্থী।

নিৰ্বাচনত এন এছ য়ু আইয়ে মুঠ ৬টা পদ দখল কৰিবলৈ সক্ষম হৈছে।