গণতন্ত্ৰ ৰক্ষাৰ যুঁজ! মোবাইলতো দূৰৰে কথা, ভৰিত চেণ্ডেলো নাই বিহাৰ নিৰ্বাচনৰ এইগৰাকী প্ৰাৰ্থীৰ

mahato

ভৰত মাহাতো।

বিহাৰ নিৰ্বাচনত ধন আৰু বাহুবল প্ৰদৰ্শনৰ ক্ষমতা থকা বহু প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। বিৰোধীসকলে এনে প্ৰাৰ্থীক লৈ সৰৱ হৈ পৰাও দেখা গৈছে।

কিন্তু ইয়াৰ বিপৰীতে এনে বহু প্ৰাৰ্থীয়েও নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে যাৰ সহজ-সৰল জীৱন প্ৰণালীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

এনে এগৰাকী প্ৰাৰ্থী হৈছে লখিচাৰাই আসনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ভৰত মাহাতো।

নিৰ্বাচনত অৱতীৰ্ণ হোৱা এইগৰাকী প্ৰাৰ্থীৰ ভৰিত নাই কোনো চেণ্ডেল। নিজৰ বুলিবলৈ এটা মোবাইলো নাই। ঘৰত এটা সৰু ফোন আছে আৰু সেইটোৰে তেওঁৰ ল’ৰাকেইজনে পিতৃৰ খা-খবৰ লয়।

তেওঁৰ ল’ৰা কেইজন বৰ্তমান বাহিৰত শ্ৰমিকৰ কাম কৰি আছে।

৭২বৰ্ষীয় ভৰত মাহাতোৱে এইবাৰেই প্ৰথম নিৰ্বাচন খেলা নাই, ইয়াৰ পূৰ্বে তেওঁ কমেও ১২বাৰকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। অৱশ্যে, এইবাৰেই তেওঁ প্ৰথম বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰ পূৰ্বে তেওঁ পঞ্চায়ত পৰ্যায়ৰ নিৰ্বাচনতহে যুঁজ দিছিল।

ভৰত মাহাতোৱে সংবাদ মাধ্যমক কয় যে তেওঁ এতিয়ালৈকে কিমানটা নিৰ্বাচন খেলিলে তাৰ হিচাপ মনত ৰখা নাই। তেওঁ মাথোঁ কয় যে তেওঁ প্ৰতিবাৰেই চেষ্টা চলাইছে আৰু প্ৰতিবাৰে পৰাজিত হৈ আহিছে।

তেওঁ লগতে কয়,’’মোৰ টকা ক’ত যে মই জিকিব পাৰিম?’’

তথাপি, থমকি ৰোৱা নাই মাহাতো। এইবাৰো তেওঁ গণতন্ত্ৰৰ যুঁজখনত নিজক অঁতৰাই ৰাখিব খোজা নাই।