NORTHEAST NOW (Assamese)

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

May 12, 2025 4:02 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতৰ সুৰক্ষাৰ বাবে সস্তম আছে ভাৰতৰ মহাকাশ গৱেষণা সংস্থাও। ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ ভাৰত নাৰায়ণে এই কথা  সদৰী কৰি কয় যে ভাৰতসুৰক্ষাৰ বাবে মহাকাশত দহটা কৃত্ৰিম উপগ্ৰহে নিৰন্তৰভাবে কাম কৰি আছে। মণিপুৰৰ ইম্ফলৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত এই কথা প্ৰকাশ কৰে।

তেওঁ এই দহটা কৃত্ৰিম উপগ্ৰহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে এই উপগ্ৰহসমূহৰ কৌশলগত লক্ষ্য হৈছে দেশৰ নিৰাপত্তা নিশ্চিত কৰা। এই উপগ্ৰহসমূহে সেই উদ্দেশ্যত অহৰহ কাম কৰি আছে। ইছৰোৰ অধ্যক্ষ নাৰায়ণনে কয় যে মহাকাশ শক্তিৰ ক্ষেত্ৰত ভাৰত ক্ৰমশঃ এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

২০৪০ চনৰ ভিতৰত মাহাকাশত ভাৰতৰ নিজা মহাকাশ কেন্দ্ৰ স্থাপন হবুলি তেওঁ আশা প্ৰকাশ কৰিছে। ইম্ফলত আয়োজিত এক কাৰ্যসূচীত তেওঁ জানায় যে এতিয়ালৈকে ভাৰতৰ পৰা ৩৪খন দেশৰ ৪৩৩টা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হৈছে। ভাষণ প্ৰসংগত তেওঁ দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত মহাকাশ গৱেষণাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। দেশৰ নিৰাপত্তাৰ বাবে  কৃত্ৰিম উপগ্ৰহৰ সহায় লব লাগিব বুলি মত প্ৰকাশ কৰে। দেশৰ নিৰাপত্তাৰ বাবে কৃত্ৰিম উপগ্ৰহ আৰু ড্ৰন প্ৰযুক্তিৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য বুলিও মত প্ৰকাশ কৰে

Related News