• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

আন্তঃৰাষ্ট্ৰীয় মঞ্চত সমালোচিত জি-৭ গোট! এই গোটৰ সদস্য নহ’লেও বৈঠকলৈ নিমন্ত্ৰিত ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2025 9:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কানাডাৰ কানানাস্কিছত ১৬ আৰু ১৭ জুনত অনুষ্ঠিত হৈছে জি-৭ৰ বৈঠক। এই সন্মিলনত অংশগ্ৰহণৰ বাবে সোমবাৰে কানাডাত উপস্থিত হ’য় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোৱা বাহুল্য যে খালিস্তানী বিষয়ত দুয়োখন দেশৰ মাজত হোৱা সংঘৰ্ষৰ পিছত মোদীৰ এয়া প্ৰথম কানাডা ভ্ৰমণ। স্বাভাৱিকতে তেওঁৰ এই ভ্ৰমণক লৈ যথেষ্ট কৌতুহলৰ সৃষ্টি হৈছে।

জি-৭ কি?

জি-৭ৰ সম্পূৰ্ণ ৰূপ হৈছে ‘গ্ৰুপ অৱ চেভেন’। ই বিশ্বৰ সাতখন উন্নত অৰ্থনীতিৰ এটা গোট। এই সাতখন দেশে বছৰত এবাৰ বৈঠকত মিলিত হৈ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা কৰে। ১৯৭৩ চনত তেল সংকটৰ বাবে সমগ্ৰ বিশ্বৰ অৰ্থনীতিৰ চকা লেহেমীয়া হয়। সেই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সাতখন দেশে জি-৭ গঠনৰ উদ্যোগ লৈছিল।

জি-৭ দেশৰ গোটটোত ফ্ৰান্স, জাৰ্মানী, ইটালী, ব্ৰিটেইন, জাপান, আমেৰিকা আৰু কানাডাৰে গঠিত। ভাৰত এই গোটৰ সদস্য নহয়। সেয়ে স্বাভাৱিকতে প্ৰশ্ন উদয় হৈছে যে এই সভালৈ ভাৰতক কিয় নিমন্ত্ৰণ কৰা হ’ল? নিয়ম অনুসৰি অ-আয়োজক দেশখনে গোটৰ বাহিৰৰ আন যিকোনো দেশক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। এই ভিত্তিত ভাৰতে বহু বছৰ ধৰি এই সভালৈ নিমন্ত্ৰণ লাভ কৰি আহিছে। এইবাৰ ভাৰতৰ লগতে ইউৰোপীয় সংঘ, আই এম এফ, বিশ্ব বেংক আৰু ৰাষ্ট্ৰসংঘকো এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে।

এইবাৰৰ জি-৭ৰ বৈঠকত আলোচনাৰ বিষয় কি?

এইবাৰ কানাডাৰ কানানাস্কিছত দ্বিতীয়বাৰৰ বাবে জি-৭ৰ বৈঠক অনুষ্ঠিত হৈছে।এইবাৰৰ বৈঠকত আলোচনাৰ বিষয় হৈছে বিশ্ব সুৰক্ষা, অৰ্থনৈতিক স্থিতিস্থাপকতা আৰু পাৰস্পৰিক কাৰিকৰী সহযোগিতা। অৰ্থনৈতিক বিষয়সমূহৰ ভিতৰত থাকিব শক্তি, খনিজ যোগান, কৃত্ৰিম বুদ্ধিমত্তা আৰু চাইবাৰ সুৰক্ষা। এইটোও জনা যায় যে বিশ্ব জলবায়ু পৰিৱৰ্তন আৰু লিংগ সমতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহো এইবাৰৰ জি-৭ বৈঠকত আলোচনা কৰা হ’ব। কিন্তু এই সকলোবোৰ সুপৰিকল্পিত ঘটনাই ইৰাণ আৰু ইজৰাইলৰ সংঘাতে প্ৰভাৱিত কৰিছে। ইয়াৰ বাহিৰেও আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ স্বেচ্ছাচাৰীতা ইয়াৰ এটা ডাঙৰ কাৰক। ট্ৰাম্পৰ শুল্ক ভাবুকি আৰু কানাডাৰ সাৰ্বভৌমত্বৰ ওপৰত কৰা মন্তব্যই এই বৈঠকত প্ৰভাৱিত কৰিব পাৰে? আয়োজক দেশ কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে ট্ৰাম্পৰ নীতি কেনেদৰে চম্ভালিব সেয়া হ’ব লক্ষ্যণীয়।

জি-৭ক লৈ বিতৰ্ক কিয়?

যদিও এই গোটটোৰ জন্ম হৈছে অৰ্থনৈতিক সংকটৰ সৈতে মোকাবিলা কৰিবলৈ, তথাপিও জি-৭ক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছে। এই গোটটোক আন্তঃৰাষ্ট্ৰীয় সমাজতো বহুবাৰ সমালোচনা কৰা হৈছে। ইয়াৰ মূল কাৰণ হৈছে জিডিপি হ্ৰাস। যোৱা কেইবাবছৰ ধৰি সদস্য দেশসমূহৰ সংযুক্ত জিডিপি হ্ৰাস পাইছে। ফলত বিশেষজ্ঞসকলে ইয়াৰ প্ৰাসংগিকতাক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে। বিশ্বৰ দ্বিতীয় বৃহত্তম আৰু শক্তিশালী অৰ্থনীতি হৈছে চীন। আনহাতে ভাৰতে জাপানক প্ৰত্যাহ্বান জনাই চতুৰ্থ বৃহত্তম অৰ্থনীতি হোৱাৰ পথ বুলিছে যদিও এই দুয়োখন দেশ জি-৭ গোটৰ স্থায়ী সদস্য নহয়।

কানাডাৰ নতুন প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে এইবাৰৰ জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মোদীক আমন্ত্ৰণ জনাইছিল। ভাৰত আৰু কানাডাৰ মাজত সাম্প্ৰতিক উত্তেজনাপূৰ্ণ পৰিস্থিতিত কাৰ্নিৰ এই আহ্বান গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। খালিস্তান সমস্যাক লৈ শেহতীয়াকৈ দুয়োখন দেশৰ মাজত সম্পৰ্ক অৱনতি ঘটিছে। এনে পৰিস্থিতিত মোদীয়ে জি-৭ সন্মিলনত অংশ ল’ব নে নাই সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। অৱশ্যে কাৰ্ণীৰ আমন্ত্ৰণত জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছে মোদীয়ে। কানাডাৰ প্ৰধানমন্ত্ৰীৰ সৈতে মোদীৰ দ্বিপাক্ষিক বৈঠকৰো সম্ভাৱনা আছে। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশ্লেষকসকলৰ মতে এই বৈঠকে দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক উন্নত কৰিব বুলি অশা কৰা হৈছে।

Tags: G7CanadaG7NewsG7Summit2024GlobalDiplomacyIndiaCanadaRelationsIndiaG7InternationalRelationsKhalistanIssueModiAtG7ModiInCanada
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd