ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চাৰিখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখম টেষ্টত ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈছে অষ্ট্ৰেলিয়া। ভাৰতৰ সন্মুখত বলিং আৰু বেটিং কোনোদিশতে অষ্ট্ৰেলিয়াই প্ৰত্যাহ্বান জনাবলৈ সক্ষম নহ’ল।
শৃংখলাৰ নাগপুৰৰ বিদৰ্ভ ষ্টেডিয়ামৰ প্ৰথমখন টেষ্টৰ তৃতীয় দিনাই ভাৰতে অষ্ট্ৰেলিয়াক এক ইনিংছ আৰু ১৩২ ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছে।
প্ৰথম ইনিংছত মাত্ৰ ১৭৭ ৰাণতে সকলোকেইটা উইকেট হেৰুওৱা অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছটো শোচনীয় বেটিং প্ৰদৰ্শন অব্যাহত ৰাখে। ভাৰতৰ স্পীন শক্তিৰ সন্মুখত তিষ্টিব নোৱাৰি অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত ৩২.৩ অভাৰত মাত্ৰ ৯১ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুওৱায়।
দ্বিতীয় ইনিংছত ভাৰতীয় স্পীনাৰ ৰবিচন্দ্ৰন আচিনে ৩৭ ৰাণ ব্যয় কৰি ৫ টা উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰে। প্ৰথম ইনিঙছত অষ্ট্ৰেলিয়াৰ কঁকাল ভাঙি ৫ টা উইকেট দখল কৰা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাজেদাই আৰু মহম্মদ ছামীয়ে ২ টাকৈ উইকেট দখল কৰে।
ভাৰতীয় বলিং শক্তিৰ সন্মুখত শিৰণত কৰা অষ্ট্ৰেলিয়াৰ মাত্ৰ চাৰিজন বেটাৰেহে দ্বিতীয় ইনিংছত দুই অংকৰৰ ৰাণ সংগ্ৰহ তথা স্পৰ্শ কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ হৈ ষ্টীভ স্মিথে সৰ্বাধিক ২৫ ৰাণ সংগ্ৰহ কৰি নট আউট হৈ ৰয়।
ইয়াৰ পূৰ্বে অধিনায়ক ৰোহিত শৰ্মাৰ দশৰ্নীয় শতৰাণ, অস্কৰ পেটেল আৰু ৰবীন্দ্ৰ জাজেদাৰ অৰ্ধ শতৰাণৰ সহায়ত আটাইকেইটা উইকেট হেৰুওৱাই ভাৰতে প্ৰথম ইনিঙছত ৪০০ ৰাণৰ সন্মানজনক স্ক’ৰ সংগ্ৰহ কৰিছিল। অস্কৰ আৰু জাজেদা ক্ৰমে ৮৪ আৰু ৭০ ৰাণকৈ সংগ্ৰহ কৰিছিল। ইয়াৰ ফলতে ভাৰতে আলহী দলটোৰ বিৰুদ্ধে প্ৰথম ইংনিছত ২২৩ ৰাণৰ অগ্ৰগতি লাভ কৰে।
২২৩ ৰাণৰ পিছ পৰি থকা অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছ আৰম্ভ কৰি প্ৰথমতে মুখথেকেচা খায়। দলীয়া স্ক’ৰ মাত্ৰ ৭ ৰাণ হওঁতেই অ’পেনাৰ ওচমান খাৱজাক আচিনে পিভিলিয়নৰ বাট দেখুওৱায়। প্ৰথমটো ইউকেট পতনৰ পাছত আৰু অষ্ট্ৰেলিয়াই আৰু মূৰ দাঙি উঠিব নোৱাৰিলে, বৰং তাচপাতৰ দৰেই খহিবলৈ ধৰে অষ্ট্ৰেলিয়াৰ বেটিং লাইনআপ।
প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ ৫ টাকৈ ইউকেট দখল কৰাৰ লগতে অৰ্ধশতক সংগ্ৰহ কৰা ৰবীন্দ্ৰ জাজেদাই মেচ অৱ দ্য মেচ বঁটা লাভ কৰে।
চাৰিখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অহা ১৭ ফেব্ৰুৱাৰিৰ পৰা দিল্লীত অনুষ্ঠিত হ’ব।