India beat Australia: নাগপুৰত মোহালিৰ প্ৰতিশোধ; অষ্ট্ৰেলিয়াক পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন ভাৰতৰ

India beat Australia by 6 wickets মোহালিত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টী-২০ খেলত ভাৰতে ২০৮ ৰাণ কৰিও পৰাজিত হৈছিল। ৰোহিত শৰ্মাৰ টীম ইণ্ডিয়াৰ বলাৰসকলৰ দুৰ্বল বলিঙকলৈ তীব্ৰ সমালোচনাও হৈছিল। সমালোচনাৰ লক্ষ্য হৈ পৰিছিল ভুৱনেশ্বৰ কুমাৰ। অৱশ্যে নাগপুৰত ভাৰতে শৃংখলাটোৰ দ্বিতীয়খন টী-২০ খেলত ভুৱীক বাহিৰত ৰাখিয়েই খেলপথাৰত নামে। ঋষভ পন্তক ভুৱীৰ ঠাইত দলত অন্তৰ্ভুক্ত কৰা হৈছিল।

আনহাতে, বলিং বিভাগ শক্তিশালী কৰিবলৈ যশপ্ৰীত বুমৰাহক প্ৰথম একাদশত ৰখা হয়। ভাৰতে নাগপুৰত মোহালিৰ পৰাজয়ৰ প্ৰতিশোধ লয়। শুকুৰবাৰে ভাৰতে অষ্ট্ৰেলিয়াক ছয় উইকেটত পৰাস্ত কৰি তিনিখন খেলৰ টী-২০ শৃংখলাত সমতা স্থাপন কৰে। ৰোহিত শৰ্মাই বেটেৰে চমক দিছিল। হিটমেনে মাত্ৰ ২০ টা বলত ৪৬ ৰাণ কৰি অপৰাজিত থাকে।

বৰষুণৰ বাবে আউটফিল্ড তিতি গৈছিল। খেলপথাৰ নুশুকুৱাৰ বাবে নিৰ্ধাৰিত সময়ত খেল আৰম্ভ কৰাটো সম্ভৱ হোৱা নাছিল। অৱশেষত ফিল্ড কৰ্মচাৰীৰ প্ৰচেষ্টাত, খেলপথাৰখন খেলৰ বাবে উপযুক্ত হৈ উঠে। কিন্তু তেতিয়ালৈকে প্ৰায় দুই ঘণ্টা পাৰ হৈ গৈছিল। সেয়ে, ২০ অভাৰৰ খেলখন ৮ অভাৰলৈ হ্ৰাস কৰা হয়। 

টছত জয়ী হোৱাৰ পিছত ৰোহিতে অষ্ট্ৰেলিয়াক প্ৰথমে বেটিং কৰিবলৈ পঠিয়ায়। ৮ অভাৰত অষ্ট্ৰেলিয়াই পাঁচটা উইকেটত ৯০ ৰাণ সংগ্ৰহ কৰে। এৰন ফিঞ্চ আৰু কেমেৰুন গ্ৰীণে অষ্ট্ৰেলিয়াৰ হৈ ইনিংছ মুকলি কৰিছিল। আগৰ খেলখনত, কেমেৰুন গ্ৰীণে আৰম্ভণিৰে পৰা আক্ৰমণাত্মক বেটিং কৰিছিল। কিন্তু শুকুৰবাৰৰ দিনটোত বিপদজনক হৈ উঠাৰ পূৰ্বে গ্ৰীণ ৰাণ আউট হৈ যায়। বিৰাট কোহলীৰ থ্ৰো অক্ষৰ পেটেলৰ হাতত পৰাত গ্ৰীণক (৫) ৰাণ আউট কৰে। অৱশ্যে তাৰ আগতে কোহলীয়ে গ্ৰীণৰ কেচ পেলাই দিছিল।

বিপদজনক গ্লেন মেক্সৱেল (০)ক অক্সৰ পেটেলে বোল্ড কৰিছিল। প্ৰথম টী-২০তো অক্ষৰ পেটেলে উইকেট লৈছিল। বাওঁহতীয়া স্পিনাৰ অক্ষৰে এইবাৰো আঘাত হানে। টিম ডেভিদ (২) অক্ষৰ পেটেলৰ চিকাৰ হয়। এৰন ফিঞ্চ আৰু মেথিউ ৱেডে ৮ অভাৰত অষ্ট্ৰেলিয়াৰ ৯০ ৰাণ সংগ্ৰহত বিশেষ অৱদান আগবঢ়ায়। বুমৰাহে ফিঞ্চক (৩১) বোল্ড কৰে। আনহাতে, মেথিউ ৱেডে ৪৩ ৰাণত অপৰাজিত হৈ থাকে। ভাৰতীয় বলাৰসকলৰ ভিতৰত অক্সৰ পেটেলে দুটা আৰু বুমৰাহে এটা উইকেট দখল কৰে।

ৰোহিত শৰ্মাই ৯০ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামিয়েই এক বিস্ফোৰক ইনিংছ খেলে। লোকেশ ৰাহুলক জাম্পাই ১০ ৰাণত বোল্ড কৰিছিল। বিৰাট কোহলীয়েও (১১) জাম্পাৰ বলত আউট হয়। সূৰ্যকুমাৰ যাদৱে একাউণ্ট খোলাৰ পূৰ্বেই জাম্পাৰ চিকাৰ হয়।

ইপিনে, অষ্ট্ৰেলিয়াৰ বলাৰৰ ওপৰত ৰোহিতে চাপ সৃষ্টি কৰিলেও ভাৰতে দ্ৰুততাৰে উইকেট হেৰুৱায়। ফলত, টীম ইণ্ডিয়াই চাপত পৰিবলৈ আৰম্ভ কৰে। কিন্তু অধিনায়ক ৰোহিত শৰ্মা দৃঢ়তাৰে থিয় দিছিল। আৰম্ভণিতে কিছু শিথিল দেখা গ’লেও খেলখন আগবঢ়াৰ লগে লগে ৰোহিত আক্ৰমণাত্মক হৈ পৰিছিল।

কোহলী, সূৰ্যকুমাৰ, হাৰ্দিক পাণ্ডিয়াই (৯) তেওঁলোকৰ উইকেট হেৰুৱায় যদিও ৰোহিতে (৪৬*) উইকেটত তিকি থাকি ভাৰতক মেচখনত বিজয়ী কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তিনিখন খেলৰ শৃংখলাটো ১-১ হৈ ৰ’ল। এতিয়া হায়দৰাবাদৰ অন্তিমখন খেল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বাবে নিৰ্ণায়ক হৈ পৰিল।