অশ্বিন-জাদেজাৰ স্পীন ঘূৰ্ণীত ধৰাশায়ী বাংলাদেশ; প্ৰথম টেষ্টৰ চতুৰ্থ দিনৰ আৰম্ভণিতে জয় সাৱ্যস্ত ভাৰতৰ

বিজয়ৰ বাবে আছিল মাথোঁ সময়ৰ অপেক্ষা। মাত্ৰ কিমান সময় লাগিব সেইটোহে চাবলগীয়া আছিল। চতুৰ্থ দিনৰ আৰম্ভণিতে টেষ্ট জয় কৰিলে ৰোহিত বাহিনীয়ে। বাংলাদেশৰ অধিনায়ক শান্তৰ দুৰ্দান্ত যুঁজৰ পাছতো মাত্ৰ ২৩৪ ৰানত স্তব্ধ হৈ পৰে ভ্ৰমণকাৰী দলটো।

অশ্বিনে আকৌ এবাৰ মেজিক দেখুৱালে। তেওঁৰ ৬ উইকেটৰ সৌজন্যত প্ৰথম ছেছনৰ পূৰ্বেই চেন্নাই টেষ্টৰ অন্ত পৰে। ৰবীন্দ্ৰ জাদেজাইও ৩টা উইকেট দখল কৰে। বেটিং কৰাৰ পিছত দুই তাৰকাই বলিঙতো সফল হয়। খেলখনত ভাৰতে ২৮০ ৰানত জয়লাভ কৰে।

পুৱাৰে পৰা চেন্নাইত আকাশ আছিল ডাৱৰীয়া। আগদিনা পোহৰ কম হোৱাৰ বাবে খেলখন সোনকালে শেষ কৰিব লগা হৈছিল। আজি পুৱা ভাৰতৰ হৈ মহম্মদ ছিৰাজ আৰু যশপ্ৰীত বুমৰাহে বলিং আক্ৰমণত নামিছিল। অৱশ্যে তেওঁলোকক চম্ভালিছিল বাংলাদেশৰ বেটছমেন দুগৰাকীয়ে। অৱশেষত ৰোহিতে এটা মূৰৰ পৰা জাদেজাক নমালে। চতুৰ্থ দিনা পিটচত বলটোৱে ডাঙৰ টাৰ্ণ লৈছে। তাৰ পিছত আহিল অশ্বিন। ৰাতিপুৱা যিমানেই প্ৰতিৰোধ নহওক কিয়, সেইটো অশ্বিনৰ স্পিনৰ ঘূৰ্ণীত হেৰাই গ’ল।

খেলখন বচাব পৰাটো অসম্ভৱ বুলি জানিও ৰাতিপুৱা শান্তো আৰু চাকিবে যুঁজ অব্যাহত ৰাখিছিল। কিন্তু অশ্বিন অহাৰ লগে লগে আকৌ ওলাই পৰিল বাংলাদেশৰ বেটিঙৰ স্বৰূপ। পেচাৰসকলে বিশেষ সহায় নাপালে যদিও চতুৰ্থ দিনৰ পিটচত বলটোৱে ব্যাপক টাৰ্ণ লৈছিল। অশ্বিন-জাদেজাই তাৰ সুযোগ লয়।

অশ্বিনৰ বলত যশস্বীৰ হাতত কেচ দি ছাকিবে ২৫ ৰান সংগ্ৰহ কৰি উভতি যায়। ইয়াৰ পিছত এটা মূৰে শান্তো থিয় হৈ থাকিল। আৰু বিপৰীত দিশত আন বেটছমেনসকল অহা-যোৱা কৰি থাকিল। লিটন দাস, মেহদি হাছান, তাস্কিন কোনোৱে টিকিব নোৱাৰিলে। অকলে যুঁজ দিছিল যদিও শেষত জাদেজাৰ বলত কেচ দি শান্তো উভতি গ’ল।

অশ্বিনে ৬ টা উইকেট দখল কৰে। জাদেজাই ৩টা উইকেট লাভ কৰে। ভাৰতে ১-০ ব্যৱধানত ছিৰিজত অগ্ৰগতি লাভ কৰে। গৌতম গম্ভীৰেও প্ৰশিক্ষক হিচাপে প্ৰথম টেষ্টত জয়লাভ কৰে। ইয়াৰ পূৰ্বে তৃতীয় দিনৰ শেষত বাংলাদেশৰ ৰান আছিল ১৫৮ ৰান আৰু ৪টা উইকেট হেৰুৱাইছিল। জাকিৰ হাছান আৰু ছাদমান ইছলামৰ অপেনিং যুটিয়ে ৬২ ৰান সংগ্ৰহ কৰে। বুমৰাহে সেই যুটী ভাঙি পেলায়। অৱশ্যে যশস্বীয়ে বাওঁফালে জপিয়াই যিদৰে কেচটো লৈছিল, তেওঁৱো কৃতিত্বৰ যোগ্য। ইয়াৰ পিছত অশ্বিনৰ যাদু আৰম্ভ হ’ল। সোনকালে উভতি যায় মমিনুল হক, মুছফিকুৰ ৰহিম। অশ্বিনৰ ঘূৰ্ণীৰ পৰা ছাদমানো বাচিব নোৱাৰিলে।

চেন্নাই টেষ্টৰ প্ৰথম দিনটোত কিছুসময়ৰ বাহিৰে ভাৰতৰ কবলত আছিল। প্ৰথম ইনিংছত শতক অৰ্জন কৰে অশ্বিনে। পিছত বুমৰাহৰ দমনীয় প্ৰদৰ্শনেৰে বাংলাদেশৰ ইনিংছ মাত্ৰ ১৪৯ ৰানত স্তব্ধ হৈ পৰে। দ্বিতীয় ইনিংছত শুভমন গিল আৰু ঋষভ পণ্টে শতক অৰ্জন কৰে।

 টেষ্ট ক্ৰিকেটলৈ উভতি অহাৰ লগে লগে পণ্টে শতক অৰ্জন কৰে। তেওঁ ১০৯ ৰান সংগ্ৰহ কৰে। আনহাতে, প্ৰথম ইনিংছৰ ব্যৰ্থতা অতিক্ৰম কৰি গিলে অপৰাজিত ১১৯ ৰান সংগ্ৰহ কৰে। কে এল ৰাহুলে ২২ ৰানেৰে অপৰাজিত হৈ থাকে। ভাৰতে ৪টা উইকেট হেৰুৱাই ২৮৭ ৰান সংগ্ৰহ কৰাৰ সময়ত অধিনায়ক ৰোহিতে ইনিংছ ঘোষণা কৰে। ইমান বিশাল ৰান অতিক্ৰম যে অসম্ভৱ সেয়া নিশ্চিতই আছিল। অৱশেষত চতুৰ্থ দিনটোত বাংলাদেশক পৰাজিত কৰিলে ভাৰতে।

সংক্ষিপ্ত স্কোৰঃ

প্ৰথম ইনিংছ

ভাৰতঃ ৩৭৬ (অশ্বিন ১১৩, জাদেজা ৮৬, হাছান ৮৩/৫)

বাংলাদেশঃ ১৪৯ (ছাকিব ৩২, মেহেদ ২৭, বুমৰাহ ৫০/৪)

দ্বিতীয় ইনিংছ

ভাৰতঃ ২৮৭/৪ (ঘোষিত) (শুভমন ১১৯, ঋষভ ১০৯, মেহদী ১০৩/২)

বাংলাদেশঃ ২৩৪ (শান্তো ৮৩, ছাদমান ৩৫, অশ্বিন ৮৮/৬)