ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজ জয়ৰ হেট্ৰিক; তৃতীয় এদিনীয়াত টীম ইণ্ডিয়াৰ ৰোমাঞ্চকৰ জয়

India-Team

তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক তৃতীয়খন এদিনীয়া মেচত ইংলেণ্ডৰ পৰা ভাৰতে বিজয় কাঢ়ি আনিবলৈ সক্ষম হয়। দলৰ সামগ্ৰিক প্ৰদৰ্শনৰ ফলত ভাৰতে ইংলেণ্ডক ৭ৰাণত পৰাজিত কৰে।

ভাৰতে এই সূত্ৰে তিনিখন মেচৰ এদিনীয়া ছিৰিজটোতো ২-১ব্যৱধানত হস্তগত কৰিলে। চাৰি বছৰৰ পাছত প্ৰথমবাৰ ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজ জয়ৰ হেট্ৰিক কৰিলে টীম ইণ্ডিয়াই।

টছত হাৰি দেওবাৰে ভাৰতে প্ৰথম বেটিং কৰিবলৈ লৈ ৰোহিত আৰু ধাৱানৰ অপেনিং যুটীত দুৰ্দান্ত আৰম্ভণি কৰে। দুয়োজনে শতৰাণৰ যুটী গঢ়ি তোলে।

ধাৱানে ৬৭ আৰু ৰোহিতে ৩৭ ৰাণৰ ইনিংছ খেলে। কিন্তু অপেনিং যুটীৰ এনে দুৰ্দান্ত প্ৰদৰ্শনৰ পাছতো ভাৰতে কিন্তু আশা কৰা মতে স্কোৰ কৰিব নোৱাৰিলে।

কোহলি আৰু ৰাহুল দুয়োজনেই ব্যৰ্থ হয় যদিও ঋষভ পন্ট আৰু হাৰ্দিকে  বিস্ফোৰক ইনিংছ খেলি দলৰ ভেটি গঢ়ি তোলে। পন্টে ৬২টা বলত ৭৮ৰাণ আৰু হাৰ্দিকে ৪৪টা বলত ৬৪ৰাণ কৰে।

আনহাতে, ক্ৰূণাল পাণ্ডিয়াই ২৫ আৰু শাৰ্দুল ঠাকুৰে ৩০ ৰাণৰ সহযোগিতা আগবঢ়ায়। কিন্তু টীম ইণ্ডিয়াই ৪৮.২ অভাৰতে ৩২৯ৰাণ কৰি নিজৰ ইনিংছ সামৰিব লগা হয়।

পুনেৰ মেচখনত ৩৩০ৰাণ লক্ষ্য অনুসৰণ কৰাটো ইংলেণ্ডৰ বাবে দুসাধ্য নাছিল আৰু সেই কথা মনত ৰাখিয়েই কোহলি বাহিনীয়ে ফিল্ডত আক্ৰমণাত্মক নীতি অনুসৰণ কৰে।

মাত্ৰ ২৮ ৰাণতে ইংলেণ্ডৰ অপেনাৰ দুগৰাকীক পেভলিয়নলৈ পঠিয়াবলৈ সক্ষম হয় টীম ইণ্ডিয়াই। এসময়ত ৯৪ৰাণত চাৰিটা উইকেটৰ পতন ঘটে। সেই সময়ত ভাৰতৰ বিজয় সহজ যেন অনুমান হৈছিল।

কিন্তু  ছেম কুৰানে শেষত আঠ নম্বৰত বেটিং কৰিবলৈ আহি মাত্ৰ ৮৩টা বলত ৯৫ৰাণৰ দুৰ্দান্ত ইনিংছ খেলে যদিও স্নায়ু যুঁজত ভাৰতে বিজয় নিশ্চিত কৰিবলৈ সক্ষম হয়।

অন্তিম অভাৰত ১৪ৰাণ লগা অৱস্থাত ভাৰতে ৭ৰাণত বিজয় সাৱ্যস্ত কৰে। নটৰাজনে অন্তিম অভাৰ বল কৰি মাত্ৰ ৬ৰাণ দিয়ে।