ICC U19 Mens Cricket World Cup: শচীন-উদয়ৰ শতকৰ পিছত সৌম্যৰ স্পিনৰ যাদু! নেপালক পৰাস্ত কৰি ছেমিত ভাৰত

ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলে আন এক অনূৰ্ধ্ব ১৯ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। শুকুৰবাৰে ‘মেন ইন ব্লু’ ব্ৰিগেডে নেপালৰ ১৯ বছৰ অনুৰ্ধৰ দলটোক ১৩২ ৰাণত পৰাস্ত কৰি চলিত বিশ্বকাপ যুদ্ধৰ অন্তিম চাৰিটাত প্ৰৱেশ কৰে।

ভাৰতৰ উদয় চাহাৰন আৰু শচীন দাসৰ শতক দুটাৰ পাছত সৌম্য পাণ্ডেই বলিঙত যাদু দেখুৱায়। ফলত ভাৰতে জয়ী হোৱাৰ পথত কোনো বাধা নাপালে।

প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৫ উইকেটত ২৯৭ ৰান সংগ্ৰহ কৰে। অধিনায়ক উদয়ে ১০৭ বলত ১০০ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছত আছিল ৯টা চাৰি। ইয়াৰ উপৰিও শচীনে ১০১টা বলত ১১৬ ৰান সংগ্ৰহ কৰে। তেওঁ ১১টা চাৰি আৰু ৩টা ছয় মাৰে।

৬২ ৰানত ৩ টা উইকেট যোৱাৰ পিছত চতুৰ্থ উইকেটৰ যুটীত শচীন-উদয়ে ২১৫ ৰান যোগ দিয়ে। মেচখনৰ পৰিস্থিতি তাতেই সলনি হৈ পৰে৷ বিপক্ষৰ বাওঁহতীয়া স্পিনাৰ গুলচন ঝাই ৫৬ ৰানত ৩টা উইকেট দখল কৰে।

প্ৰত্যুত্তৰত ২৯৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি নেপালে নিয়মীয়াকৈ উইকেট হেৰুৱায়। সৌম্য আৰু আৰ্ছিনে দুৰ্দান্ত বলিং কৰে। সৌম্যই ২৯ ৰানত ৪ উইকেট দখল কৰে। ১৮ ৰানৰ বিনময়ত আৰ্ছিনে পায় ২টা উইকেট।

ভাৰতীয় বলিঙৰ ফলত বিপক্ষৰ বেটিং তাচপাতৰ দৰে খহি পৰিল। নেপালক ৯ উইকেটত ১৬৫ ৰানতে সীমাবদ্ধ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে জুনিয়ৰ টীম ইণ্ডিয়া।