যশস্বীৰ যশস্বী শতৰাণ; ছেমিফাইনেলত পাকিস্তানক বিধ্বস্ত কৰি ফাইনেলত ভাৰত

Jasasvi India

শতৰানকাৰী যশস্বী

দক্ষিণ আফ্ৰিকাত চলি থকা ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পোটচেপষ্টুমত আজি ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে পাকিস্তানক অতি সহজে ১০ উইকেটৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত উপনীত হয়।

ভাৰতৰ এই বিজয়ত মুখ্য ভূমিকা পালন কৰে দুই অপেনিং বেটছমেন যশস্বী জয়ছোৱাল আৰু দিবাংগ ছাক্সেনাই।

যশস্বীয়ে দুৰ্দান্ত বেটিঙেৰে শতৰান (১০৫) অৰ্জন কৰে আৰু দিবাংগে কৰে ৫৯ ৰান।

ছেমি ফাইনেলৰ তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত পাকিস্তানে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ভাৰতীয় বলাৰ সকলৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত আটাইকেইটা হেৰুৱাই মাত্ৰ ১৭২ ৰান সংগ্ৰহ কৰে।

পাকিস্তানৰ হৈ অধিনায়ক ৰোহেইল নাজিৰে সৰ্বাধিক ৬২ ৰান কৰাৰ বিপৰীতে অপেনাৰ হাইদৰ আলীয়ে কৰে ৫৬ ৰান।

ভাৰতৰ হৈ বলিঙত বেগী বলাৰ সুশান্ত মিশ্ৰই ৩ টা, কাৰ্তিক ত্যাগীয়ে ২ টা, স্পীনাৰ ৰবি বিশ্বোই ২ টা, যশস্বী জয়ছোৱাল আৰু অথৰ্বই এটাকৈ উইকেট দখল কৰে।

আনহাতে, পাকিস্তানে নিৰ্ধাৰণ কৰি দিয়া ১৭৩ ৰানৰ বিজয় লক্ষ্য আগত ৰাখি ভাৰতে বেটিং কৰিবলৈ আহি দুই অপেনাৰৰ সুন্দৰ বেটিঙৰ সহায়ত অতি সহজে  বিজয়ৰ লক্ষ্যত উপনীত হৈ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে।

ফাইনেলত ভাৰতে নিউজিলেণ্ড আৰু বাংলাদেশৰ মাজত যিটো দল বিজয়ী হয় সেই দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।