India beat South Africa by 16 runs দক্ষিণ আফ্ৰিকাই ভাৰতে গঢ়া ৰাণৰ পাহাৰ অতিক্ৰম কৰিব নোৱাৰিলে। ফলত ৰোহিত শৰ্মাৰ দলে গুৱাহাটীতে তিনিখন খেলৰ টী-২০ শৃংখলাটো হস্তগত কৰে। ভাৰতে ২০ অভাৰত তিনিটা উইকেটৰ বিনিময়ত ২৩৭ ৰাণ সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ৩ টা উইকেটৰ বিনিময়ত ২২১ ৰাণতে ইনিংছ সামৰে।
‘কিলাৰ’ৰ ৰূপত ডেভিদ মিলাৰে (১০৬*) শতক অৰ্জন কৰে। কুইন্টন ডি ককে (৬৯*) তেওঁক যোগ্য সংগ দিয়ে। কিন্তু ভাৰতৰ হাতৰ পৰা জয় কাঢ়ি নিব নোৱাৰিলে। এইদৰে ভাৰতে দ্বিতীয়খন টী-২০ খেলত ১৬ ৰাণত জয়লাভ কৰে।
বৰ্ষাপাৰাত বৰষুণ হোৱাৰ সম্ভাৱনা আছিল যদিও তাৰ পৰিৱৰ্তে দৰ্শকসকলে ৰাণৰ বৰষুণহে দেখিলে। কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই ইনিংছ আৰম্ভ কৰি ৯৬ ৰাণৰ যুটী বান্ধে। ৰোহিত ৪৩ ৰাণত উভতি যায়। আনহাতে, লোকেশ ৰাহুল ব্যক্তিগত ৫৭ ৰাণত আউট হয়। ইনিংছৰ আৰম্ভণিতে ৰোহিতে আঙুলিত আঘাত পায়। হিটমেনে আঘাত স্বত্তেও বেটিং কৰিছিল।
টী-২০ বিশ্বকাপৰ পূৰ্বে লোকেশ ৰাহুলে নিজৰ স্থানত নিজৰ কামটো ভালদৰেই কৰিছে। লোকেশ ৰাহুল আউট হোৱাৰ সময়ত ভাৰতৰ স্ক’ৰ আছিল ২ উইকেটত ১০৭ ৰাণ। ইয়াৰ পৰা সূৰ্যকুমাৰ যাদৱ আৰু বিৰাট কোহলীয়ে ভাৰতৰ ৰাণৰ পাহাৰ গঢ়াত মুখ্য ভূমিকা লয়।
অৱশ্যে কোহলীয়ে শেষত আৰু এটা অৰ্ধশতকৰ পৰা বঞ্চিত হয়। দীনেশ কাৰ্তিকে শেষ অভাৰত স্বভাৱ সিদ্ধভাৱে ১৮ ৰাণ তোলে। কোহলীয়ে শেষ অভাৰত আৰু কোনো ষ্ট্ৰাইক নাপালে। সেইকাৰণে তেওঁ ৪৯ ৰাণতে অপৰাজিত থাকিবলগীয়া হ’ল। কোহলীয়ে দীনেশ কাৰ্তিকক অন্তিম অভাৰটো খেলিবলৈ সম্পূৰ্ণ সুযোগ দিছিল।
অৱশ্যে সূৰ্যকুমাৰ যাদৱৰ বেটিংৰ বাবেই ভাৰতে ২৩৭ ৰাণত উপনীত হয়। সূৰ্যই মাত্ৰ ২২ টা বলত ৬১ ৰাণ সংগ্ৰহ কৰে। তেওঁ ৫ টা বাউণ্ডেৰী আৰু ৫টা অভাৰ বাউণ্ডেৰী মাৰে। তেওঁ উইকেটৰ পিছফালে কিছুমান স্কুপ শ্বট মাৰিছে যিবোৰ বহুতে জিম্বাবুৱেৰ প্ৰাক্তন বেটাৰ ডগলাছ মেৰিলিয়াৰক মনত পেলাবলৈ বাধ্য কৰিলে। কোহলীৰ সৈতে ভুল বুজাবুজিৰ বাবে সূৰ্যকুমাৰ অৱশেষত ৰাণ আউট হয়। কোহলী আৰু সূৰ্যকুমাৰ যাদৱে ১০২ ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে। দক্ষিণ আফ্ৰিকাৰ বলাৰসকলে অতি সাধাৰণ মানৰ বলিং কৰে।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টী-২০ত প্ৰথম অভাৰত তিনিটা উইকেট লৈ আৰ্শদীপ সিঙে দলটোৰ বেটিং মেৰুদণ্ড ভাঙি দিছিল। দেওবাৰৰ দিনটোতো গুৱাহাটীত অৰ্শদীপে আৰম্ভণিতে চাপৰ সৃষ্টি কৰিছিল। বাভুমাক অৰ্শদীপে শূন্য ৰাণতে আউট কৰিছিল। ৰছৌউ (০) বাওঁহতীয়া ভাৰতীয় পেচাৰগৰাকীৰ চিকাৰ হয়। মাৰ্ক্ৰাম (৩৩)ক অক্ষৰ পেটেলে ব’ল্ড কৰে।
তাৰপিছত ডেভিদ মিলাৰ আৰু কুইন্টন ডি ককে তেতিয়া দক্ষিণ আফ্ৰিকাৰ যুঁজ অব্যাহত ৰাখিবলৈ চেষ্টা কৰে। কিন্তু ভাৰতৰ ৰাণ ইমান বেছি আছিল যে দক্ষিণ আপ্ৰিকাৰ দুয়োজন বেটছমেনে সৰ্বশক্তিৰে যুঁজ দিলেও অৱশেষত হাৰ মানিব লগা হয়। ভাৰতে তিনিখন খেলৰ টী-২০ শৃংখলা ২-০ত হস্তগত কৰে।