দুৰ্দান্ত প্ৰদৰ্শন টীম ইণ্ডিয়াৰ: দ্বিতীয়খন টী-২০তো পৰাজিত শ্ৰীলংকা; ভাৰতে হস্তগত কৰিলে ছিৰিজ

শনিবাৰে ধৰমশালাত অনুষ্ঠিত টী-২০ ছিৰিজৰ দ্বিতীয়খন মেচত ভাৰতে শ্ৰীলংকাক ৭উইকেটত পৰাজিত কৰে। দলৰ অভিজ্ঞ বেটাৰক আৰম্ভণিতেই হেৰুৱাইয়ো ভাৰতে মেচখনত বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হয়। এই জয়ৰ সূত্ৰে ভাৰতে টী-২০ ছিৰিজটো হস্তগত কৰে। 

শ্ৰীলংকাৰ বিৰুদ্ধে ১৮৪ৰাণৰ বৃহৎ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ইনিংছৰ প্ৰথমটো অভাৰতে অধিনায়ক ৰোহিত শৰ্মা দুটা বলত ১ ৰাণ কৰি দুষ্মন্ত চামিৰাৰ বলত আউট হয় যদিও শ্ৰেয়াস আয়াৰ, ৰবীন্দ্ৰ জাডেজা আৰু সঞ্জু ছেমছনে ভাৰতক বিজয় আনি দিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰে।

মেচখনত প্ৰথমতে বেটিং কৰি শ্ৰীলংকাই দাছুন চানাকাৰ ১৯টা বলত ৪৭ৰাণ আৰু অপেনাৰ পাথুম নিশংকাৰ ৫৩টা বলত ৭৫ৰাণৰ আক্ৰমণাত্মক ইনিংছৰ সহায়ত নিৰ্দ্ধাৰিত ২০ অভাৰত ১৮৩ ৰাণৰ শক্তিশালী ভেটি গঢ়ে।

লগতে পঢ়ক: ইউক্ৰেইনত আৱদ্ধ লোকক উদ্ধাৰ অভিযানৰ অংশ হিচাপে গুৱাহাটীতো মুকলি হেল্পলাইন নম্বৰ

প্ৰত্যুত্তৰত ভাৰতে বেটিং কৰিবলৈ নামি অধিনায়ক ৰোহিত শৰ্মাৰ লগতে আনগৰাকী অপেনাৰ ঈষাণ কিষানকো (১৫টা বলত ১৬ৰাণ) হেৰুৱাই প্ৰথমতে কিছু চাপত পৰে।

এনে পৰিস্থিতিত টীম ইণ্ডিয়াৰ ইনিংছৰ গুৰিবঠা ধৰে মধ্যক্ৰমত বেটিং কৰিবলৈ অহা নিৰ্ভৰযোগ্য বেটাৰ শ্ৰেয়াস আয়াৰে। প্ৰথমতে তেওঁ সঞ্জু ছেমছনৰ সৈতে তৃতীয় উইকেটৰ যুটীত ৮৪ৰাণ যোগ দিয়ে। তাৰ পিছত জাডেজাৰ সৈতে মিলি চতুৰ্থ উইকেটত ২৫টা বলত ৫৮ৰাণ সংগ্ৰহ কৰে।

শ্ৰেয়াসে ৪৪টা বলত ৭৪ৰাণ কৰি অপৰাজিত হৈ থাকে। ৰবীন্দ্ৰ জাডেজাই ১৮টা বলত ৪৫ৰাণৰ বিস্ফোৰক ইনিংছ খেলে। সেইদৰে সঞ্জু ছেমছনেও ২৫টা বল খেলি ৩৯ৰাণৰ এটা উপযোগী ইনিংছ উপহাৰ দিয়ে।

মেচখনত ভাৰতে ১৭টা বল খেলিবলৈ বাকী থকা অৱস্থাতে বিজয় সাৱ্যস্ত কৰে।

উল্লেখ্য যে প্ৰথম অভাৰতে উইকেট হেৰুওৱাৰ পিছত ইমান বৃহৎ ৰাণ অনুসৰণ কৰি মেচ জয়ৰ অভিলেখ ইয়াৰ পূৰ্বে ভাৰতৰ নাই।