NORTHEAST NOW (Assamese)

৭ ডিচেম্বৰৰ পৰা মেঘালয়ত ভাৰত-চীনা সৈন্যৰ যুটীয়া সামৰিক অনুশীলন

December 3, 2019 4:06 pm · এন ই নাও নিউজ
ভাৰত-চীন সৈন্যৰ প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ভাৰত আৰু চীনা সৈন্যই মেঘালয়ৰ উমৰোইত ডিচেম্বৰৰ ৭ তাৰিখৰ পৰা এক যুটীয়া সামৰিক অনুশীলনত অংশ ল’ব।

‘হেণ্ড-ইন-হেণ্ড’ শীৰ্ষক সামৰিক অনুশীলনত দুয়োখন দেশৰ সেনাই সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ লগতে নগৰাঞ্চলৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ অনুশীলন কৰিব।

মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত থকা উমৰোইত ডিচেম্বৰৰ ৭ তাৰিখৰ পৰা ২০ তাৰিখলৈ দুয়োখন দেশৰ সেনাবাহিনীয়ে সামৰিক অনুশীলনত অংশ ল’ব।

নিৰাপত্তা বিভাগৰ মুখপাত্ৰ কামাণ্ডাৰ ৰত্নাকৰ সিঙে জনোৱা মতে চৈধ্য দিনীয়া দ্বিপাক্ষিক সামৰিক অনুশীলনত চীনৰ সেনাবাহিনীৰ তৰফৰ পৰা ১৩০ গৰাকী সৈন্যই অংশ লোৱাৰ বিপৰীতে ভাৰতৰ তৰফৰ পৰাও সমপৰিমাণৰ সেনা জোৱানে অংশ ল’ব।

দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই সামৰিক অনুশীলনে দুয়োখন দেশৰ মাজত সামৰিক ঘনিষ্ঠতা বৃদ্ধি কৰাৰ লগতে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ ক্ষেত্ৰত একেলগে আগবাঢ়ি যোৱাত সহায় কৰিব বুলি সিঙে কয়।

উল্লেখযোগ্য যে, ভাৰত আৰু চীনা সৈন্যৰ মাজত ভাৰত-চীন সীমান্তত বহু সময়ত উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হলেও দুয়োখন দেশৰ সেনা বাহিনীয়ে যুটীয়া সামৰিক অনুশীলনত অংশগ্ৰহণ কৰি আহিছে।

Related News