পূব লাডাখৰ তিনিটা বিবাদিত স্থানৰ পৰা পিছুৱাই আহিছে ভাৰত-চীনৰ সেনাবাহিনী

পূব লাডাখৰ চাৰিটা বিবাদিত স্থানৰ ভিতৰত তিনিটা স্থানৰ পৰা ভাৰত আৰু চীনে নিজৰ সৈন্য বাহিনীক কিছু পৰিমানে পিছুৱাই আনিছে।

দুয়োখন দেশৰ সেনা বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠকৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

লাডাখৰ তিনিটা বিবাদিত স্থানৰ পৰা দুয়োখন দেশে নিজৰ নিজৰ সেনা বাহিনীক পিছুৱাই নিলেও পেংগ হ্ৰদৰ উত্তৰ পাৰৰ মূল বিবাদিত স্থানত এতিয়াও দুয়োখন দেশৰ সেনা বাহিনী মুখামুখিকৈ আছে।

বিগত এপ্ৰিল-মে’ত মাহত চীনা সেনাই লাডাখৰ ফিংগাৰ ৪-৮ লৈ সকলো পৰ্বত দখল কৰি ভাৰতীয় সেনা বাহিনীৰ টহলত বাধা দিছিল।

প্ৰকৃত চুক্তি অনুসৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰ্বতৰ ৮ টা ফিংগাৰৰ ভাৰতে চাৰিটা আৰু চীনে চাৰিটা ফিংগাৰৰ টহলৰ দায়িত্বত আছিল যদিও চীনা সেনাই আগ্ৰাসী মনোভাৱেৰে ভাৰতীয় সেনা বাহিনীয়ে টহল দিয়া ৪ টা ফিংগাৰলৈ নিজৰ সেনা বাহিনীৰ শক্তি বৃদ্ধি কৰে।

চীনা সৈন্যৰ আগ্ৰাসী মনোভাৱৰ বিপৰীতে ভাৰতেও অঞ্চলটোত নিজৰ সৈন্য শক্তি বৃদ্ধি কৰাৰ লগতে বোফোৰ্ছ গানৰ মজুত কৰিছিল।

দুয়োখন দেশৰ সেনা বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠকৰ অন্তত গলৱান উপত্যকা, গোগৰা হট স্প্ৰীং অঞ্চলৰ পৰা নিজৰ ২০ খন সেনা বাহিনীৰ বাহন ২ কিলোমিটাৰ পৰ্যন্ত পিছুৱাই আনিছে।

ভাৰত আৰু চীনে আলোচনাৰ মাধ্যমেৰে সীমা বিবাদ সমাধান কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি আহিছে।