India vs New Zealand: বিশ্বকাপত পৰাজয়ৰ প্ৰতিশোধ! তৃতীয় টী-২০তো বিজয়েৰে নিউজিলেণ্ডক হোৱাইটৱাচ টীম ইণ্ডিয়াৰ

India beat Newzeland

India vs New Zealand কলকাতাৰ ইডেন গাৰ্ডেনত নিউজিলেণ্ডক হোৱাইটৱাচ কৰিলে ৰোহিত শৰ্মাৰ নেতৃত্বৰ টী ইণ্ডিয়াই।যোৱা টী-২০ বিশ্বকাপত নিউজিলেণ্ডৰ হাতত পৰাজিত হৈয়েই বিৰাট কোহলিৰ টীম ইণ্ডিয়া প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ বাট নিশ্চিত হৈছিল।

ইডেনত নিউজিলেণ্ডক হোৱাইটৱাচেৰে দেশৰ মাটিত তিনিখনীয়া টী-২০ মেচৰ ছিৰিজত নিউজিলেণ্ডক ৩-০ ব্যৱধানত পৰাজিত কৰিলে ৰোহিত-ৰাহুল দ্ৰাবিড়ৰ নতুন টীম ইণ্ডিয়াই।

দেওবাৰে টছত জিকি প্ৰথম বেটিং কৰিবলৈ লয় ভাৰতে। তৃতীয়খন টী-২০ত দলত কেইবাটাও সালসলনি দেখা যায়। লোকেশ ৰাহুল, ৰবিচন্দ্ৰন অশ্বিনক জিৰণি দিয়া হয়। তাৰ সলনি দলত স্থান পায় ইশান কিষাণ, যুজবেন্দ্ৰ চাহালে।

বেটিং কৰিবলৈ নামিয়েই ৰোহিত আৰু ইশানে দমনীয় বেটিং আৰম্ভ কৰে। ৬.২ অভাৰত ভাৰতে ইশান কিষাণৰ উইকেট হেৰুৱায়। ইশানে ২১টা বলত ২৯ ৰাণ কৰি পেভলিনলৈ ওভতে।

Also Read: আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিনেত্ৰী তথা তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী ছায়নী ঘোষক

ইপিনে, সূৰ্যকুমাৰ যাদব সম্পূৰ্ণ ব্যৰ্থ হয় আৰু শূন্য ৰাণতে পেভলিয়নমুখী হয়। ঋষভ পন্টেও মাত্ৰ ৪ৰাণহে কৰিবলৈ সক্ষম হয়। এপিনে উইকেট খহিলেও আনটো মূৰত অবিচল হৈ ৰয় ৰোহিত শৰ্মা।

অৱশেষত সোধীৰ বলত আগুৱাই আহি কোবাবলৈ গৈ বলাৰৰ হাততে কেচ দি বিদায় লয় অধিনায়ক ৰোহিত। আউট হোৱাৰ পূৰ্বে ৰোহিতে ৩১টা বলত ৫টা চাৰি আৰি ৩টা ছয়েৰে ৫৬ ৰাণ কৰি যায়।

একেৰাহে উইকেট পৰাৰ সময়ত ভাৰতৰ ৰাণৰ গতি কিছু স্তব্ধ হৈছিল। নৱাগত ভেংকটেশ আয়াৰ আৰু শ্ৰেয়াস আয়াৰে ৩৬ৰাণ যোগ দিয়ে। শেষলৈ আক্ৰমণাত্মক বেটিঙেৰ হৰ্ষল পেটেলৰ ১৮ ৰাণ আৰু দীপক চাহাৰৰ অপৰাজিত ২১ ৰাণৰ সহায়ত ভাৰতে নিৰ্দ্ধাৰিত ২০ অভাৰত ৭উইকেটৰ বিনিময়ত ১৮৪ৰাণ কৰে।

Also Read: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এঘণ্টা সাক্ষাৎ কৰি কি কথা পাতিলে অখিলে?

প্ৰত্যুত্তৰত ১৮৫ৰাণৰ লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ নমা নিউজিলেণ্ডৰ প্ৰথমৰে পৰা উইকেট পৰিবলৈ লয়। ডেৰিল মিচেল(৫), মাৰ্ক চেপমেন (০), গ্লেন ফিলিপছ (০) আৰু জিমি নিচাম (৩) সম্পূৰ্ণ ব্যৰ্থ হয়।

এটা দিশত মাৰ্টিন গুপ্তিলে দৃঢ়তাৰে থাকি ৩৬টা বলত ৫১ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলে। গুপ্তিলক চাহালে আউট কৰাৰ পাছতে নিউজিলেণ্ডৰ ইনিংছ তাচপাতৰ দৰে খহি পৰে আৰু মাত্ৰ ১১১ ৰাণতে স্তব্ধ হৈ পৰে কিৱি বাহিনী।

ভাৰতীয় বলাৰৰ ভিতৰত অক্ষৰ পেটেলে ৩টা, হৰ্ষল পেটেলে ২টা আৰু চাহাল আৰু ভেংকটেশ আয়াৰে এটাকৈ উইকেট দখল কৰে।

Also Read: Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; কিমানৰ মৃত্যু?

টী-২০ ছিৰিজৰ পাছতে এইবাৰ ভাৰত-নিউজিলেণ্ডৰ মাজত আৰম্ভ হ’ব টেষ্ট ছিৰিজ। দীঘলীয়া ফৰমেটত কোনে কেনেকুৱা প্ৰদৰ্শন দাঙি ধৰে সেয়া লক্ষ্যণীয় হ’ব।