চলিত বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাত টিম ইণ্ডিয়াই ১-০ ব্যৱধানত আগবাঢ়িলে। এই শৃংখলাৰ প্ৰথমখন খেল পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। এই খেলখনত টিম ইণ্ডিয়াই ২৯৫ ৰানত জয়লাভ কৰে।
পাৰিবাৰিক কাৰণত ৰোহিত শৰ্মাই এই টেষ্ট মেচত খেলিব নোৱাৰিলে। ইয়াৰ ফলত যশপ্ৰীত বুমৰাহক অধিনায়কৰ দায়িত্ব দিয়া হৈছিল। টছত জয়ী হৈ তেওঁ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।
কিন্তু, মেচখনৰ প্ৰথম ইনিংছত যেতিয়া ভাৰতে মাত্ৰ ১৫০ ৰানত অল আউট হৈছিল, তেতিয়া এনে ফলাফল কোনেও কল্পনা কৰিব পৰা নাছিল। অৱশ্যে যশপ্ৰীত বুমৰাহৰ ৫টা উইকেটৰ ফলত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত মাত্ৰ ১০৪ ৰানতে অল আউট হয়।
দ্বিতীয় ইনিংছত ভাৰতীয় বেটছমেনসকলে বিস্ফোৰক ৰূপ ধাৰণ কৰে। টিম ইণ্ডিয়াৰ যুৱ অ’পেনাৰ যশস্বী জয়ছোৱালে ১৬১ ৰান সংগ্ৰহ কৰে। কে এল ৰাহুলে ৭৭ ৰানেৰে সহযোগ কৰে। ইয়াৰ পাছতে বিৰাট কোহলি ১০০ ৰানত অপৰাজিত হৈ থাকে। মুঠতে ভাৰতে ৬ উইকেটত ৪৮৭ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে।
ইয়াৰ পিছতে অষ্ট্ৰেলিয়াই বেটিং কৰিবলৈ নামি ছন্দ হেৰুৱাই পেলায়। তৃতীয় দিনটোৰ শেষলৈকে তেওঁলোকে ১২ ৰানত ৩টা উইকেট হেৰুৱাইছিল। অৱশ্যে ট্ৰেভিছ হেডৰ ৮৯ ৰাণে অষ্ট্ৰেলিয়াৰ ইনিংছত কিছু অক্সিজেন দিছিল। কিন্তু, শেষত কেংগাৰু বাহিনীয়ে পৰাজয় স্বীকাৰ কৰিবলগীয়া হ’ল। অষ্ট্ৰেলিয়া ২৩৮ ৰানত অল আউট হৈ যায়।
দ্বিতীয় ইনিংছত টিম ইণ্ডিয়াৰ হৈ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছিৰাজে তিনিটাকৈ উইকেট দখল কৰে। ৱাশ্বিংটন সুন্দৰে দুটা উইকেট দখল কৰে। ইয়াৰ উপৰিও হৰ্ষিত ৰাণা আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে এটাকৈ উইকেট লাভ কৰে।