এইবাৰ ৰণত পৰিল ইংলেণ্ড! লাঞ্চলৈকে ৪টা উইকেট হেৰুৱাই সংগ্ৰহ মাত্ৰ ৩৯ৰাণ

India-England match

প্ৰথমখনত টেষ্টত বৃহৎ ব্যৱধানত পৰাজিত হোৱাৰ পাছত চেন্নাইত ইংলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টেষ্টত ভাৰতে উভতি ধৰিছে।

দ্বিতীয় টেষ্টত টচত জিকি ভাৰতে প্ৰথমতে বেটিং কৰাৰ সিদ্ধান্ত লয়। টীম ইণ্ডিয়াই প্থম দিনৰ খেলৰ সামৰণি পৰালৈকে ৬ উইকেটৰ বিনিময়ত ৩০০ ৰাণ কৰে।

দ্বিতীয় দিনৰ খেলত ভাৰতে ৩২৯ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায়।

ইপিনে, দ্বিতীয় দিনা ভাৰতৰ ৩২৯ ৰাণৰ প্ৰত্যুত্তৰত বেটি কৰিবলৈ নামি ইংলেণ্ডে মধ্যাহ্ন ভোজন বিৰতিলৈকে তেওঁলোকৰ প্ৰথম ইনিংছত ৪টা উইকেট হেৰুৱায় ৩৯ৰাণহে কৰিবলৈ সক্ষম হৈছে।  বেন ষ্টোকছ ৮ৰাণত বেটিং কৰি আছে।

আজি ইংলেণ্ডৰ হৈ বেটি কৰিবলৈ নামে ৰৰি বাৰ্ণছ আৰু ডমিনিক ছিবলি। ভাৰতৰ হৈ বলি আৰম্ভ কৰে ইশান্ত শৰ্মাই।

প্ৰথম অভাৰৰৰ তৃতীয়টো বলতেই ইশান্ত শৰ্মাৰ বলত এলবিডব্লিউ আটট হয় বাৰ্ণছ। ইনিংছত কোনো ৰাণ কৰাৰ পূৰ্বেই ইংলেণ্ডে প্ৰথমটো উইকেট হেৰুৱায়।

ইনিংছৰ অষ্টমটো অভাৰত দ্বিতীয় বলত ছিবলিক পেভলিয়নলৈ ওভতাই পঠিয়ায় ৰবিচন্দ্ৰন অশ্বিনে। ছিবলিয়ে ১৬ৰাণ কৰি কোহলিৰহাতত কেচ তুলি দি আউট হয়।

ইপিনে, টেষ্ট ক্ৰিকেটত আজি প্ৰথমটো উইকেট লাভ কৰে অক্ষৰ পেটেলে। ইনিংছৰ ১১তম অভাৰতৰ তৃতীয়টো বলত তাৰকা বেটছমেন জো ৰুটক আউট কৰে পেটেলে।

ৰুটে ১২ টা বল খেলি ৬ৰাণ কৰি পেভলিয়নলৈ উভতি যায়। ইয়াৰ পাছতে ২৩ৰাণত ৩টা উইকেট হেৰুওৱাৰ পাছত ষ্টোকছ আৰু লৰেন্সে ইনিংছ আগবঢ়াই নিবলৈ চেষ্টা কৰে।

ইনিংছৰ ১৮তম অভাৰৰ শেষৰটো বলত অশ্বিনে লৰেন্সক আউট কৰে। এইদৰে ইংলেণ্ডে ৩৯ৰাণতে ৪টা উইকেট হেৰুৱাইছে।

ভাৰতৰ প্ৰথম ইনিংছত সৰ্বাধিক ৰোহিত শৰ্মাই ১৬১ৰাণ সংগ্ৰহ কৰে। অজিংকা ৰাহানেই ৬৭ৰাণ কৰাৰ উপৰি ঋষভ পন্টে ৫৮ৰাণ কৰি অপৰাজিত হৈ থাকে।

ইয়াৰ উপৰি পূজাৰাই ২১, অশ্বিনে ১৩, অক্ষৰ পেটেল ৫ আৰু মহম্মদ ছিৰাজ ৪ৰাম কৰে। ভাৰতৰ শুভমন গীল, বিৰাট কোহলি, ইশান্ত শৰ্মা আৰু কুলদীপ যাদবে কোনো ৰাণ কৰিব নোৱাৰিলে।