কাটাৰত বন্দী আঠ ভাৰতীয়ৰ মৃত্যুদণ্ডৰ বিৰোধিতাৰে আবেদন দাখিল ভাৰতৰ

death penalty to Navy Veterans In Qatar

বিগত মাহত কাটাৰৰ আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰা আঠজন ভাৰতীয় সেনাৰ মৃত্যুদণ্ডৰ বিৰোধিতা কৰি ভাৰত চৰকাৰে দাখিল কৰিছে আবেদন। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই কথা।

অক্টোবৰ মাহত কাটাৰৰ এখন আদালতে ভাৰতীয় নৌসেনাৰ ৮ জন প্ৰাক্তন বিষয়াক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। এই প্ৰাক্তন বিষয়াকেইগৰাকীক দেশখনত এবছৰতকৈও অধিক সময় ধৰি বন্দী কৰি ৰখা হৈছিল।

২০২২ চনৰ আগষ্ট মাহত কাটাৰে দেশখনৰ এটা কোম্পানীত কৰ্মৰত হৈ থকাৰ সময়ত ইজৰাইলৰ বাবে চোৰাংচোৱা হিচাপে কাম কৰাৰ সন্দেহত ভাৰতীয় নৌসেনাৰ এই প্ৰাক্তন বিষয়াসকলক আটক কৰিছিল।

মৃত্যুদণ্ডৰে দণ্ডিত বিষয়াসকল আছিল ক্ৰমে কেপ্তেইন নৱতেজ সিং গিল, কেপ্তেইন বীৰেন্দ্ৰ কুমাৰ বাৰ্মা, কেপ্তেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰী, কমাণ্ডাৰ সুগুনাকৰ পাকলা, কমাণ্ডাৰ সঞ্জীৱ গুপ্ত আৰু নাৱিক ৰাগেশ।

আজি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি যোগে বিষয়াসকলৰ মৃত্যুদণ্ডৰ ৰায়দানৰ বিৰোধিতাৰে সকলো আইনী বিকল্প বিবেচনা কৰি আপীল দাখিল কৰা হৈছে বুলি উল্লেখ কৰিছে। এই সন্দৰ্ভত কাটাৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত আছে বুলিও প্ৰকাশ কৰা হৈছে।