সংসদত গৃহীত হ’ল ভাৰতৰ নতুন অনুপ্ৰৱেশ বিধেয়ক। নতুন অনুপ্ৰৱেশ বিধেয়ক অনুসৰি ভুৱা পাছপ’ৰ্ট বা ভিছা ব্যৱহাৰ কৰি ভাৰতত প্ৰ্ৰৱেশ কৰা, ভাৰতত বাস কৰা বা ভুৱা পাছপ’ৰ্টৰ সহায়ত দেশ এৰাসকলৰক কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি অপৰাধীক সাত বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১০ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে উত্থাপন কৰা এই আইন অনুসৰি, হোটেল, বিশ্ববিদ্যালয়, শিক্ষানুষ্ঠান, চিকিৎসালয় আৰু নাৰ্চিং হোমসমূহেও বিদেশী নাগৰিকে ভিছাৰ অতিৰিক্ত সময় থকাৰ তথ্য প্ৰদান কৰিব লাগিব, যাতে ভিছা ম্যাদ উকলি যোৱা ব্যক্তিক চিহ্নিত কৰাত সহায় হয়।
ইয়াৰ উপৰিও, আন্তঃৰাষ্ট্ৰীয় এয়াৰলাইন আৰু জাহাজসমূহে ভাৰতৰ বন্দৰ বা স্থানসমূহত উপস্থিত হোৱাৰ সময়ত যাত্ৰী আৰু কৰ্মচাৰীৰ তালিকাও আগতেই প্ৰদান কৰিব লাগিব ।
এই বিধেয়কত উল্লেখ কৰা হৈছে যে, যিকোনো ব্যক্তিয়ে ভুৱা বা জালিয়াতিৰে লাভ কৰা পাছপোৰ্ট, ভ্ৰমণ দলিল বা ভিছা ব্যৱহাৰ কৰি ভাৰতত প্ৰৱেশ কৰিলে, থাকিলে বা ওলাই যোৱাৰ চেষ্টা কৰিলে তেওঁক ন্যূনতম দুবছৰৰ পৰা সাত বছৰলৈকে কাৰাদণ্ড আৰু ১ লাখৰ পৰা ১০ লাখ টকালৈকে জৰিমনা বিহা হ’ব ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ৩১ মাৰ্চৰ ভিতৰত ৯৮.৪০ লাখ বিদেশী ভাৰতলৈ আহিছিল। এই নতুন আইনখনে কেন্দ্ৰীয় চৰকাৰক বিদেশীয়ে সঘনাই অহা-যোৱা কৰা অঞ্চলসমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা প্ৰদান কৰিছে, বিদেশী নাগৰিকৰ নিৰ্দিষ্ট শ্ৰেণীৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ক্ষমতাও প্ৰদান কৰিছে।
উল্লেখ্য যে বিদেশী আৰু অনুপ্ৰৱেশৰ সৈতে জড়িত সকলো বিষয় একত্ৰিত আৰু সুশৃংখলিত কৰাৰ লক্ষ্যৰে প্ৰব্ৰজন আৰু বিদেশী বিধেয়ক ২০২৫ অনা হৈছে। আৰু এই নতুন আইনে পাছপ’ৰ্ট (ভাৰতত প্ৰৱেশ) আইন ১৯২০, বিদেশী পঞ্জীয়ন আইন ১৯৩৯, বিদেশী আইন ১৯৪৬ আৰু ইমিগ্ৰেচন (কেৰিয়াৰ দায়বদ্ধতা) আইন ২০০০ আইনকো সামৰি ল’ব।